Advertisement

আপোনাৰ দেহতো এইবোৰ লক্ষণে দেখা দিছে নেকি? হ’ব পাৰে ফেটি লিভাৰ?

আপোনাৰ দেহতো এইবোৰ লক্ষণে দেখা দিছে নেকি? হ’ব পাৰে ফেটি লিভাৰ?

অসাৱধানতা, ভুল খাদ্যাভ্যাস আৰু অনিয়মিত জীৱনশৈলীৰ বাবে ফেটি লিভাৰ হয়। যদি ফেটি লিভাৰ হয় আপোনাৰ ছালত স্পষ্টকৈ গম পোৱা যাব।

যকৃত শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। কিন্তু অসাৱধানতা, ভুল খাদ্যাভ্যাস আৰু অনিয়মিত জীৱনশৈলীৰ বাবে ফেটি লিভাৰৰ সমস্যাই দেখা দিয়ে।

অভিজ্ঞ চিকিৎসক বিশ্বজিৎ সৰকাৰে কয় যে ফেটি লিভাৰ ৰোগ দুই প্ৰকাৰৰ। এলকহলিক ফেটিলিভাৰ আৰু নন এলকহলিক ফেটিলিভাৰ।

চৰ্বিযুক্ত যকৃতৰ ক্ষেত্ৰত এক প্ৰকাৰৰ ছালৰ ৰোগ দেখা যায়। ছাল ৰঙা হৈ পৰে। কিছুমান ক্ষেত্ৰত এই ছালৰ ৰোগৰ বাবে গোটেই মুখমণ্ডলত সৰু সৰু ৰঙা ফোহা ওলায়। যদি ফেটিলিভাৰ হয় তেন্তে ছালত ছাপটো স্পষ্টকৈ বুজা যায়। গতিকে ছালৰ প্ৰতি গুৰুত্ব দিলে এই ৰোগৰ উপস্থিতি বুজা সম্ভৱ।

কিছুমান ক্ষেত্ৰত হাতৰ তলুৱা অধিক ৰঙা হ’ব পাৰে। ইয়াৰ বাহিৰেও যদি চকুৰ কোণত হালধীয়া ৰঙৰ দেখা দিয়ে তেন্তে ই ফেটি লিভাৰ ৰোগৰ অন্যতম লক্ষণ।

জণ্ডিচৰ ফলত চকু হালধীয়া হৈ পৰে। একেদৰে ফেটিলিভাৰৰ বাবে চকু হালধীয়া হ’ব পাৰে। তদুপৰি কিছুমান ক্ষেত্ৰত মুখৰ ৰঙো হালধীয়া হৈ পৰে।

ফেটিলিভাৰৰ ফলত কোষৰ ক্ষতি হয়। যাৰ বাবে ছালত খজুৱতি হ’ব পাৰে। বহু ক্ষেত্ৰত যকৃতৰ অকাৰ্যকৰী হোৱাৰ বাবে ছালখন শুকান যেন লাগে।

Shahnawaz Hamza

Related