Advertisement

আম খোৱাৰ পিছত ভুলতো নাখাব এই ৫ বিধ বস্তু, স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক

আম খোৱাৰ পিছত ভুলতো নাখাব এই ৫ বিধ বস্তু, স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক

গ্ৰীষ্মকালত আম প্ৰচুৰ পৰিমাণে পোৱা যায়। চাৰিআলিৰ বজাৰৰ পৰা ফুটপাথৰ দোকানলৈকে আম বিক্ৰী হয়। গ্ৰীষ্মকালত আম খালে বহু উপকাৰ পোৱা যায়। ফছফৰাছ, খাদ্য আঁহ, প্ৰটিন, পটাছিয়াম, জিংক, কাৰ্বহাইড্ৰেট, কেলচিয়াম, আইৰণ, শক্তি, জিংক আদি বহুতো পুষ্টি আমত পোৱা যায়। আমে ইমিউনিটি বুষ্টাৰ হিচাপেও কাম কৰে। আম খাবলৈ যিমানেই সোৱাদযুক্ত হয় সিমানেই স্বাস্থ্যৰ বাবে উপকাৰী।
প্ৰত্যেকৰে আম খোৱাৰ নিজস্ব ধৰণ থাকে। বহুতে খাদ্য খোৱাৰ পিছত খাবলৈ ভাল পায়, কিন্তু আপুনি জানেনে যে আম কিছুমান বিশেষ বস্তুৰ লগত খাব নালাগে, নহ’লে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে? আহক, আজি আমি ক’ম কি কি বস্তুৰ লগত আম খাব নালাগে।

১) কেৰেলাৰ লগতঃ গ্ৰীষ্মকালত মানুহে কেৰেলা প্ৰচুৰ পৰিমাণে সেৱন কৰে। কিছুমান মানুহে খাদ্যৰ লগত আম খাবলৈ ভাল পায়, কিন্তু কেতিয়াও তিতাকেৰেলাৰ লগত আম নাখাব। ইয়াৰ ফলত বমি আৰু বদহজমৰ দৰে সমস্যা হ’ব পাৰে।
২) মছলাযুক্ত বস্তুঃ মছলাযুক্ত বস্তুৰ লগতো কেতিয়াও আম খাব নালাগে। ইয়াৰ বাবে মানুহে পাচনতন্ত্ৰৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। ইয়াৰ ফলত পেটৰ বিষ হব পাৰে।

৩) পানী খোৱাঃ আম খোৱাৰ লগে লগে কেতিয়াও পানী খাব নালাগে। বহুতে আম খোৱাৰ লগে লগে পানী খায়। যাৰ ফলত হজম শক্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰে। সেইবাবে আম খোৱাৰ অতি কমেও আধা ঘণ্টাৰ পিছতহে পানী খাব লাগে।
৪) দৈঃ দৈৰ সৈতে আম খোৱাটোও স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। আম আৰু দৈ একেলগে খোৱাটোৱে পেটৰ লগত জড়িত বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে বিশেষ ধ্যান ৰাখিব যাতে কেতিয়াও আমৰ লগত দৈ নাখায়।

৫) শীতল পানীয়ঃ আম খোৱাৰ লগে লগে কেতিয়াও শীতল পানীয় সেৱন নকৰিব। যদি আপুনি এনে কৰে তেন্তে তেজত শৰ্কৰা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। আম আৰু শীতল পানীয় দুয়োটাতে শৰ্কৰাৰ মাত্ৰা অতি বেছি।

Shahnawaz Hamza

Related