এতিয়াৰ পৰা প্ৰতি সপ্তাহত সলনি হ’ব গেছ চিলিণ্ডাৰৰ দাম?

এতিয়াৰ পৰা প্ৰতি সপ্তাহত সলনি হ’ব গেছ চিলিণ্ডাৰৰ দাম?

বছৰ শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ২০২১ চনৰ পৰা সাধাৰণ জীৱনত বহু পৰিৱৰ্তন আহিব বুলি ধাৰণা কৰা হৈছে। আৰু ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষ ভাবে পৰিব সাধাৰণ নাগৰিকৰ ওপৰত। সূত্ৰৰ খবৰ অনুসৰি, গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত বহু নিয়ম সলনি কৰাৰ সম্ভাৱনা আছে। অনুমান কৰা হৈছে যে, অতি শীঘ্ৰে এল পি জি চিলিণ্ডাৰৰ দাম প্ৰতি সপ্তাহত ৰিভাইচ কৰা হ’ব। ডিচেম্বৰ মাহত এল পি জি চিলিণ্ডাৰৰ দাম প্ৰায় ১০০ টকা বৃদ্ধি পালে।

ডিচেম্বৰ মাহতে এলপিজি চিলিণ্ডাৰৰ দাম দুবাৰ ৰিভাইচ হৈছে। প্ৰথমে ১ ডিচেম্বৰ আৰু দ্বিতীয়বাৰ ১৬ ডিচেম্বৰত। আন্তৰ্জাতিক বজাৰত তেলৰ দাম আৰু ফৰেইন এক্সচেঞ্জ ৰেটৰ ওপৰত নিৰ্ভৰ কৰি এল পি জি চিলিণ্ডাৰৰ দাম নিৰ্ধাৰণ কৰা হয়। সূত্ৰৰ খবৰ, এতিয়াৰ পৰা প্ৰতি সপ্তাহত এলপিজি গেছ চিলিণ্ডাৰৰ দাম প্ৰতি সপ্তাহত ৰিভাইচ কৰা হ’ব। কিন্তু এই পৰ্যন্ত এই সন্দৰ্ভত চৰকাৰী ভাবে কোনো কথা জনোৱা হোৱা নাই।

পেট্ৰ’ল ডিজেলৰ দাম যিদৰে প্ৰতিদিনে পুৱা ৬ বজাত সলনি কৰা হয়, ঠিক একেদৰে গেছ চিলিণ্ডাৰৰ দাম সলনি কৰা হ’ব পাৰে প্ৰতি সপ্তাহতে।

Source: News18Assam

GTM Desk

Related