এতিয়া মিছ কল দিলেই হ’ব পাৰিব অগপৰ সদস্য

1 min read

সমষ্টিয়ে সমষ্টিয়ে ‘মিছ কল’ৰ জৰিয়তে অগপৰ সদস‍্যভৰ্তি অভিযান। সোমবাৰে কলিয়াবৰত মিছ কলৰ জৰিয়তে সদস‍্য ভৰ্তি অভিযানৰ শুভাৰম্ভণী কৰা হয়। অগপ দলৰ সাংগঠনিক সম্পাদক তথা তথ‍্য প্ৰযুক্তি কোষৰ দায়িত্ববাহী মণিমাধৱ মহন্তৰ নেতৃত্বত তথ‍্য-প্ৰযুক্তিৰ সহায়ত অগপৰ এই বিশেষ অভিযান অভিযান।

পয়ত্ৰিশ বছৰ অতিক্ৰম কৰা অসমৰ ৰাজনীতিৰ অন‍্যতম আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ। ইতিমধ‍্যে ৰাজ‍্যৰ বিভিন্ন সমষ্টিত ৰাজনৈতিক সভাৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰা অসম গণ পৰিষদে এই বৰ্ষত তথ‍্য-প্ৰযুক্তি ব‍্যৱহাৰৰ জৰিয়তে জনসাধাৰণৰ কাষ চপাৰ সিদ্ধান্ত লৈছে।

দেওবাৰে টীয়কত আনুষ্ঠানিকভাৱে ‘মিছ কল’ৰ জৰিয়তে সদস‍্যভৰ্তি অভিযান আৰম্ভ হোৱাৰ পিছত কলিয়াবৰত অভিযান আৰম্ভ কৰে মণিমাধৱ মহন্তই। সোমবাৰে কলিয়াবৰৰ অগপৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত যুৱ-প্ৰজন্মৰ বহুকেইজন যুৱক-যুৱতীয়ে মিছ কলেৰে অগপ দলত যোগদান কৰে। তথ‍্য-প্ৰযুক্তিৰ জৰিয়তে দলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ইতিমধ‍্যে এক সংস্থাৰ লগত চুক্তিবদ্ধ হৈছে বুলি জনায় দলৰ সাংগঠনিক সম্পাদক তথা তথ‍্য-প্ৰযুক্তি কোষৰ দায়িত্ববাহী যুৱ নেতা মণিমাধৱ মহন্তই। বিশেষকৈ সামাজিক মাধ‍্যমৰ জৰিয়তে যুৱ-প্ৰজন্মৰ মাজত জাতীয়তাবাদী দলটোক অধিক জনপ্ৰিয় কৰাৰ লক্ষ‍্য বান্ধি লৈ সুস্থ বাৰ্তাৰে ৰাইজৰ কাষ চপাৰ আশা প্ৰকাশ কৰে মহন্তই।

ইতিমধ্যে, মিছকলৰ জৰিয়তে সদস্যভৰ্তি অভিযানৰ প্ৰথম দিনটোতে ২৬ হাজাৰ লোকে যোগদান কৰিছে অগপত। তিনিদিনৰ ভিতৰত মিছকলৰ জৰিয়তে সদস্যভৰ্তিৰ সংখ্যা লাখৰ ঘৰ অতিক্ৰমৰ কৰাৰ লগতে সমগ্ৰ অসমতে জানুৱাৰী মাহৰ ভিতৰত সদস্যভৰ্তিৰ সংখ্যা দহ লাখৰ আশা কৰিছে আঞ্চলিক দলটোৱে।

You May Also Like

More From Author