গুৱাহাটী এৰি পলায়ন ৰেষ্টুৰেণ্টত গুণ্ডাগিৰি কৰা NSUIৰ ৫ সদস্য!

1 min read

বিচৰা খাদ্য সময়ত নোপোৱাত ৰেষ্টুৰেণ্টৰ ৰান্ধনীশালত প্ৰৱেশ কৰি  NSUIৰ ৫সদস্যই যোৱা ৩০ ডিচেম্বৰৰ নিশা গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰিছিল ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীক।
নিশা বাৰত সুৰাপান কৰি প্ৰায় ১১ মান বজাত মহানগৰীৰ আগশাৰীৰ হোটেল পেলেচিঅ’ত থকা লিগেচী ৰেষ্টুৰেণ্টত ৰোল খাবলৈ সোমাইছিল ৫ জনীয়া দলটো৷ নেতৃত্বত আছিল কিষাণু শৰ্মা নামৰ যুৱকজন৷

খাদ্য দিয়াত কিছু পলম হোৱাত প্ৰথমে কিষাণু আৰু NSUI ৰ সদস্য গীতাৰ্থই বলপূৰ্বকভাৱে প্ৰৱেশ কৰিছিল ৰেষ্টুৰেণ্টখনৰ ৰান্ধনীশালত৷ তাৰ কিছু সময়ৰ পিছতে বাকীকেইজন যুৱক তথা NSUIৰ সদস্যই ৰান্ধনীশালত প্ৰৱেশ কৰি আক্ৰমণ কৰিছিল ৰেষ্টুৰেণ্টখনৰ কৰ্মচাৰীক৷ অকল প্ৰহাৰ কৰাই নহয় গ্ৰেনেড দি হোটেল পেলেচিঅ’ত থকা লিগেচী ৰেষ্টুৰেণ্ট উৰুৱাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছিল NSUIৰ সদস্যকেইজনে৷ এই সমগ্ৰ ঘটনা সম্পৰ্কত একাংশ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পিছতহে সক্ৰিয় হৈ উঠে দিছপুৰ আৰক্ষী৷

ভিন্ন প্ৰান্তত নিশা আৰক্ষীয়ে ৫ অভিযুক্তৰ বিৰুদ্ধে অভিযান চলায়ো বিমুখ হৈ ঘূৰি আহিবলগীয়া হয়৷ অভিযোগ মতে, আৰক্ষীয়ে সময় মতে ব্যৱস্থা গ্ৰহণ কৰা হ’লে নিশ্চয়কৈ গ্ৰেপ্তাৰ কৰিব পাৰিলেহেঁতেন আটাইকেইজন অভিযুক্তক৷ আৰক্ষীয়ে প্ৰথম অৱস্থাত সমগ্ৰ ঘটনাক গুৰুত্ব প্ৰদান নকৰাৰ বাবেই আটাইকেইজন অভিযুক্তই আত্মগোপন কৰাৰ সুযোগ পোৱাৰ অভিযোগ আনিছে সদৌ অসম হস্পিটেলিটী কৰ্মচাৰী সন্থাই৷ জানিব পৰা মতে, আটাইকেইজন অভিযুক্তই সম্প্ৰত্তি মোবাইল অফ কৰি গুৱাহাটী এৰি আত্মগোপন কৰিছে বহিঃৰাজ্যত৷

কিছুদিন পূৰ্বে নিশাৰ ৰাজপথত জুবিন গাৰ্গৰ লগত অভব্য আচৰণ কৰা NSUIৰ সদস্য হীৰক ৰাজবংশী আৰু গীতাৰ্থ এইবাৰ জড়িত হৈ পৰিল এই ৫জনীয়া গেঙত৷ অত্যধিক সুৰাৰ নিচাত ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীৰ ওপৰত গুণ্ডাগিৰি চলালে এই ৫জনীয়া দলটোৱে।অভিযোগ মতে, অকল ইমানে নহয় নিশা মহানগৰীৰ বহুকেইটা মাৰপিটৰ ঘটনাৰ লগতো জড়িত হৈ পৰিছিল NSUI ৰ এই ৫জনীয়া গেংটো৷ পূৰ্বেও কিষাণু শৰ্মা নামৰ অভিযুক্তজনে হোটেল পেলেচিঅ’ত মাৰপিটত লিপ্ত হৈছিল৷ সেই সময়তো থানাত কিষাণুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও কোনো বিশেষ ব্যৱস্থা লোৱা নাছিল আৰক্ষীয়ে৷

Source: News18Assam

You May Also Like

More From Author