ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আৰক্ষী-বনৰক্ষীৰ অভিযান অসম ৰাইফলচৰ প্ৰাক্তন জোৱানসহ তিনি চোৰাং চিকাৰী গ্ৰেপ্তাৰ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আৰক্ষী-বনৰক্ষীৰ অভিযান অসম ৰাইফলচৰ প্ৰাক্তন জোৱানসহ তিনি চোৰাং চিকাৰী গ্ৰেপ্তাৰ

মঙলদৈ পৰা মকছেদ আলিৰ ৰিপৰ্ট, ১৬ মে’: দৰং আৰক্ষী আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষাকৰ্মীয়ে কালি নিশা এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত যুটীয়া অভিযান চলাই শিলবৰী অঞ্চলৰ দিশেৰে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ আগমূহূৰ্তত অস্ত্ৰ- শস্ত্ৰসহ তিনিজন দূৰ্ধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰে ৷ চিকাৰী তিনিজনৰ পৰা এটা থ্ৰী নট থ্ৰী ৰাইফল,এটা চাইলেঞ্চাৰ, বৃহৎ পৰিমানৰ শুকান খাদ্য সামগ্ৰী , এঘাৰ জাঁই সক্ৰিয় গুলী, মোবাইল ফোন আদি উদ্ধাৰ হৈছে ৷ ধৃতকেইজন হৈছে হাইলাকান্দিৰ কাটলিচৰা থানাৰ পালৈচুৰা গাঁৱৰ সাগৰ সিং ( বৰ্তমান অৰুণাচল নিৱাসী ) , বালিজান পথাৰৰ সমীৰ আলী (২২) আৰু ঢেকিয়াজুলিৰ শিঙিমাৰীৰ মৰুজ আলী (২৮) ৷ দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই আজি অনুষ্ঠিত কৰা এক সংবাদ মেলত ইয়াক এক সফল অভিযান বুলি উল্লেখ কৰে ৷ আৰক্ষী অধীক্ষক ভূঞাই জনোৱা মতে অসম ৰাইফলচৰ প্ৰাক্তন জোৱান সাগৰক সিঙক অৰুণাচলৰ পৰা গঁড় চিকাৰ কৰিবলৈ “চাৰ্প চুটাৰ” ৰূপে অনা হৈছিল আৰু বাকী দুজনে অস্ত্ৰ যোগান ধৰাৰ লগতে স্থানীয় “গাইড” হিচাপে চিকাৰৰ পৰিকল্পনা ৰচিছিল ৷

Desk Editor