নলবাৰীৰ চামতাত উদ্ধাৰ কৰা হয় পাঁচ জহামাল

নলবাৰীৰ চামতাত উদ্ধাৰ কৰা হয় পাঁচ জহামাল

নলবাৰী ,১৬ মে’:-
নলবাৰী জিলাৰ পশ্চিম দিশৰ চামতাৰ চাৰিগৰাকী যুৱকে আজি বন্য প্ৰাণী সুৰক্ষাৰ এক নিদৰ্শন দাঙি ধৰিলে। যুৱককেইজনে উদ্ধাৰ কৰিলৈ পাঁচটাকৈ বিলুপ্তপ্ৰায় জহামলৰ পোৱালি। উল্লেখনীয় যে চামতাৰ জামৰতলৰ মন্দিৰৰ কাষত থকা এডাল ঔ গছ আজি কটা হৈছিল।কিন্তু ইয়াৰ খোৰোঙত আছিল পাঁচটাকৈ জহামালৰ পোৱালি। পোৱালিকেইটা দেখি নিপলজ্যোতি তালুকদাৰ ,দ্বীপেন তালুকদাৰ,ভগবান তালুকদাৰ আৰু জোন তালুকদাৰে বনৰ মাজত বিপদসংকুলভাবে বিচৰণ কৰি থকা জহামালৰ পোৱালিকেইটা উদ্ধাৰ কৰি নলবাৰীৰ ছাত্ৰ নেতা তথা প্ৰকৃতিপ্ৰেমী হিমান বৰ্মনৰ সৈতে যোগাযোগ কৰে।ইয়াৰ পিচতে বৰ্মনৰ তত্বাৱধানত নলবাৰী জিলা আছুৰ কাৰ্যালয়লৈ পোৱালিকেইটা আনি নলবাৰী ৰাজ্যিক পশু চিকিৎসালয়ক অৰ্পণ কৰা হয়।চিকিৎসালয় কৰ্তৃপক্ষই জহামালৰ পোৱালিকেইটাক শুশ্ৰূষা আৰু প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি বন বিভাগক চমজাই দিয়ে।

Elias Ali