‘‘কংগনা ৰাণাৱটৰ মুখ চালে মোৰ পাপ হ’ব। তেওঁ আজিও প্ৰায়শ্চিত্ত নকৰিলে’’- শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দ

‘‘কংগনা ৰাণাৱটৰ মুখ চালে মোৰ পাপ হ’ব। তেওঁ আজিও প্ৰায়শ্চিত্ত নকৰিলে’’- শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দ

কংগনা ৰাণাৱট হিমাচল প্ৰদেশৰ মাণ্ডিৰ বিজেপি সাংসদ। ধৰ্ম আৰু ৰাজনীতিৰ সৈতে সম্পৰ্কিত সংবেদনশীল বিষয়ত কৰি অহা মন্তব্যৰ বাবে তেওঁ প্ৰায়ে থাকে সংবাদ শিৰোনামত। সাংসদ হোৱাৰ প্ৰায় ৫ বছৰ পূৰ্বে এটা বিবৃতি দি হিন্দুসকলৰ ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগ আছিল কংগনাৰ বিৰুদ্ধে। আৰু সেই পুৰণি অভিযোগক লৈয়ে স্বামী অভিমুক্তেশ্বৰানন্দই ভংগ কৰিছে নীৰৱতা।

কংগনা ৰাণাৱটৰ ২০১৯ চনত গোমাংস খোৱা বিষয়ক লৈ তেওঁৰ এটা টুইটতৰ পাছতেই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তেওঁৰ বিৰুদ্ধে গোমাংস খোৱাৰ অভিযোগ আছিল। এতিয়া শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দই গোমাংস খোৱা সম্পৰ্কীয় কংগনা ৰাণাৱটৰ পুৰণি বক্তব্যক লৈয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে।

শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দই কংগনা ৰাণাৱটে গোমাংস খোৱাৰ অভিযোগ সন্দৰ্ভত কয়, ‘‘আন কোনেও তেওঁক অভিযুক্ত কৰা নাই, তেওঁ নিজেই এইকথা স্বীকাৰ কৰিছে। এই কথাটো ৰাজহুৱা। তেওঁ ইয়াৰ বাবে কোনো দুখ প্ৰকাশ কৰা নাই। এতিয়ালৈকে কোনো প্ৰায়শ্চিত্ত কৰা নাই।’’

কংগনা ৰাণাৱটৰ বক্তব্য সন্দৰ্ভত তেওঁ কোনো মন্তব্য দিব নিবিচাৰে নেকি বুলি সোধাত শংকৰাচাৰ্যই ক্ৰোধিত হৈ কয়, ‘‘কোনো প্ৰশ্ন নাই। আমি এনে এজন ব্যক্তিৰ মুখ চাব নিবিচাৰোঁ, আমি পাপ অনুভৱ কৰোঁ।’’ কংগনা ৰাণাৱটে ২০১৯ৰ ২৪ মে’ত তেওঁৰ টুইটত লিখিছিল, ‘‘গোমাংস বা আন কোনো মাংস খোৱাত কোনো ভুল নাই। এয়া ধৰ্মৰ বিষয়ে নহয়। এইটো কোনো গোপন কথা নহয় যে কংগনা ৰাণাৱটে আঠ বছৰ পূৰ্বে নিৰামিষভোজী হৈছিল আৰু যোগী হোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁলোকে এতিয়াও কেৱল এটা ধৰ্মত বিশ্বাস নকৰে। তেওঁৰ ভায়েকে মাংস খায়।’’

কংগনাৰ বিবৃতিৰ পাছত তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিবলৈ এখন আবেদন দাখিল কৰা হৈছিল, যাক পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল। ৩৮ বছৰীয়া কংগনা ৰাণাৱটে পূৰ্বেও তেওঁৰ বক্তব্যৰ বাবে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল। তেওঁ ২০২৪ চনৰ জুন মাহৰ পৰা হিমাচল প্ৰদেশৰ মাণ্ডিৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

কংগনা ৰাণাৱট ৰাজনীতিৰ লগতে চিনেমাতো সক্ৰিয়। অভিনেত্ৰীগৰাকীৰ পৰৱৰ্তী চিনেমাখন হৈছে Emergency, যিখন ছেপ্টেম্বৰত মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে। তেওঁ ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে।

GTM Desk