কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’, অসমৰ ক’ত ক’ত ঘূৰিব কংগ্ৰেছৰ ন্যায় যাত্ৰা?

কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’, অসমৰ ক’ত ক’ত ঘূৰিব কংগ্ৰেছৰ ন্যায় যাত্ৰা?

‘ভাৰত জোড়ো’ যাত্ৰাৰ পিছত এইবাৰ কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। ৰাহুল গান্ধীৰ নেতৃত্বত হ’ব এই যাত্ৰা। অসমৰ ক’ত ক’ত হ’ব কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’? এই সন্দৰ্ভত প্ৰকাশ কৰিছে ৰুটমেপ।

ভাৰত জোড়ো ন্যায় যাত্ৰাত অসমৰ পথ :
১৮ জানুৱাৰী, পুৱা ০৯:০০ বজা
১) আন্তঃৰাজ্যিক সীমান্ত হালোৱাটিঙৰ পৰা আমগুৰিলৈ যাত্ৰা
২) আমগুৰি টাউনত ৰোডশ্ব’/ ৰাজহুৱা সভা
৩) দিনৰ ১২ বজাত মৰিয়নী বিধানসভাৰ অন্তৰ্গত পুথিনাডী নকাছাৰীত দুপৰীয়াৰ আহাৰ গ্ৰহণ ৷
৪) আবেলি গিবন বনাঞ্চলত ৰাজহুৱা সভা ৷
৫) মৰিয়নী টাউনত ৰোডশ্ব’ আৰু নিশাটো যোৰহাট টাউন থাকিব ৷

১৯ জানুৱাৰী, পুৱা ০৮:০০ বজাৰ পৰা
১/ ব্ৰহ্মপুত্ৰৰ ওপৰেৰে নিমাতীঘাটৰ পৰা আফলাঘাটলৈ যাত্ৰা ৷
২) আফলাঘাটৰ পৰা কমলাবাৰী চাৰিআলিলৈ ৰোড শ্ব’
৩/ কমলাবাৰীৰ পৰা আউনিআটি সত্ৰলৈ যাত্ৰা
৪) ৰাজীৱ গান্ধী ক্ৰীড়া কমপ্লেক্স জেংৰাইমুখ মাজুলীত দুপৰীয়াৰ আহাৰ গ্ৰহণ, ২:০০ বজাত ৰোড শ্ব’ জেংৰাইমুখত। ০৩:০০ বজাত ঢকুৱাখনাত ৰোড শ্ব’। নিশাটো গোগামুখত থাকিব।

২০ জানুৱাৰী ২০২৪
১/ বগীবিলৰ পৰা যাত্ৰা আৰম্ভ
২/ লখিমপুৰ টাউনত ৰোডশ্ব’
৩/ গোবিন্দপুৰত দুপৰীয়াৰ আহাৰ
৪) লালুক, হৰমতী আৰু নাৱবৈছাত ৰোডশ্ব’
৫/ আবেলি ইটানগৰৰ অৰুণাচল প্ৰদেশ কৰি ৰাতি তাত থাকিব ৷

২১ জানুৱাৰী ২০২৪
১/ গহপুৰ বিধানসভাৰ অন্তৰ্গত অসম ৰাজগড়ত প্ৰৱেশ
২. গহপুৰত কনকলতালৈ শ্ৰদ্ধাঞ্জলি।
৩/ বিশ্বনাথ চাৰিআলিত ৰোডশ্ব’
৪/ দুপৰীয়াৰ আহাৰ বিশ্বনাথ
৫) জামুগুৰিহাটৰ পৰা কলিয়াভোমোৰালৈ ৰোড শ্ব’
৬) কলিয়াবৰত ৰাজহুৱা সভা
৭) ৰূপহীত ৰাতি থাকিব

২২ জানুৱাৰী ২০২৪ৰ কাৰ্যসূচী এতিয়ালৈ স্থিৰ হোৱা নাই।

২৩ জানুৱাৰী ২০২৪

সন্ধিয়া আৰম্ভ হ’ব যাত্ৰা।
১/ গোৰাইমাৰী
২/ কুকাৰপাৰ
৩. / কুংৰা ৰাজহুৱা স্থান
৪/ চেঙা ৰাজহুৱা স্থান
৫) বিষ্ণুপুৰ (মন্দিৰ)ত নিশা কটাব

২৪ জানুৱাৰী, ২০২৪

১/ পুৱা ০৭:০০ বজাত ভেল্লা
২/ পুৱা ০৮:০০ বজাত- বৰপেটা টাউন, তৰুণ ৰাম ফুকন প্ৰেক্ষাগৃহত সভা
৩/ জনিয়া
৪/ বামন্থাৰী
৫/ টি এন ডি/বালাগাঁও
৬/ চেনিমাৰী
৭) লেংলা কলেজ পইণ্ট
৮/ কান্দলুৱা
৯) বট্টাৰী (বৰপেটা জিলা শেষ)

২৫ জানুৱাৰী ২০২৪ৰ কাৰ্যসূচী এতিয়াও স্থিৰ হোৱা নাই ৷

GTM Desk

Related