কাৰাগাৰত মুকলি হ’ল ‘সংগম কক্ষ’, এইবাৰ কাৰাগাৰৰ ভিতৰতে দৈহিক সুখ লাভ কৰিব বন্দীয়ে

কাৰাগাৰত মুকলি হ’ল ‘সংগম কক্ষ’, এইবাৰ কাৰাগাৰৰ ভিতৰতে দৈহিক সুখ লাভ কৰিব বন্দীয়ে
এতিয়াৰে পৰা কাৰাগাৰৰ ভিতৰতেই স্ত্ৰীৰ সৈতে স্বামীয়ে শাৰীৰিক মিলনৰ সুবিধা পাব৷ কাৰাগাৰৰ সমূহ বন্দীয়েই এই সুযোগ লাভ কৰিব৷ শুকুৰবাৰে তেনে এক সংগম কক্ষৰ উদ্বোধন কৰা হৈছে ইটালীত৷ ইটালীৰ বিচাৰ ব্যৱস্থাত বন্দীসকলৰ পত্নী বা লিভ ইনত থকা সংগীৰ সৈতে ব্যক্তিগত আৰু অন্তৰংগ সাক্ষাতৰ অধিকাৰৰ স্বীকৃতি পূৰ্বেই দিয়া হৈছিল৷ আদালতৰ ৰায়ৰ পাছত দেশৰ বিচাৰ মন্ত্ৰণালয়ে কিছু নিৰ্দেশনা জাৰি কৰিছে৷ তাতেই এই ধৰণৰ বন্দোবস্তৰ প্ৰস্তাৱো দিয়া হৈছিল৷ তাৰপাছতেই মুকলি কৰা হৈছে এই কক্ষ৷

আদালতৰ নিৰ্দেশনাত কোৱা হৈছে অন্তৰংগ সাক্ষাতৰ বাবে বন্দীসকলক এক বিশেষ কক্ষৰ ব্যৱস্থা কৰি দিয়া হব৷ এই কক্ষত এখন বিচনা আৰু এটা শৌচাগাৰ থাকিব৷ আৰু সাক্ষাতৰ সময়কাল সৰ্বোচ্চ দুঘণ্টা পৰ্যন্ত হ’ব পাৰে৷ নিৰাপত্তাৰ কাৰণে কক্ষৰ দুৱাৰ সকলোসময়তে খোলা ৰাখিব লাগিব৷ আৰু কাৰাৰক্ষীয়ে প্ৰয়োজনত হস্তক্ষেপ কৰিব পাৰে৷

নিৰ্দেশনা মানি ইটালীৰ উমব্ৰিয়া অঞ্চলৰ এক কাৰাগাৰত এই ব্যৱস্থা কৰা হৈছে৷ এই ঘটনা ইউৰোপত প্ৰথম নহয়৷ ইটালীৰ পূৰ্বে ফ্ৰান্স, জাৰ্মানী, স্পেইন, ছুইডেন আৰু নেডাৰলেণ্ডৰ দৰে দেশসমূহত বেছ কিছু বন্দীয়ে এই সুবিধা লাভ কৰে৷

ইটালীৰ কাৰাগাৰসমূহত বন্দীৰ সংখ্যা অন্য ইউৰোপীয় দেশৰ তুলনাত বহু বেছি আৰু বন্দীৰ মাজত আত্মহত্যাৰ প্ৰবণতাও উদ্বেগজনক৷ এই পৰিস্থিতিত, কৰ্তৃপক্ষৰ আশা যে এই নতুন ব্যৱস্থাই বন্দীসকলৰ মানসিক স্বাস্থ্য ভালে ৰাখিব আৰু পাৰিবাৰিক বন্ধন মজবুত কৰিবলৈ সহায় কৰিব৷

 

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.

Related