পেহেলগামত পাক-সন্ত্ৰাসবাদীৰ ২৬/১১ সদৃশ ভয়ংকৰ আক্ৰমণ!

পেহেলগামত পাক-সন্ত্ৰাসবাদীৰ ২৬/১১ সদৃশ ভয়ংকৰ আক্ৰমণ!

জম্মু কাশ্মীৰৰ পেহেলগামত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। পেহেলগামৰ এই নৰসংহাৰত ২৮ জনকৈ পৰ্যটকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ২৬ গৰাকী পৰ্যটক হিন্দু আৰু এজন ইজৰাইলী আৰু আন এজন ইটালীৰ নাগৰিকৰ মৃত্যু হৈছে। মুম্বাইৰ ভয়ংকৰ ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ দৰেই সংঘটিত হয় এই পেহেলগামৰ জঘন্য সন্ত্ৰাসবাদী আক্ৰমণ। কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ আক্ৰমণ? সন্ত্ৰাসবাদী অতৰ্কিতে উপস্থিত হৈ পৰ্যটকসকলক প্ৰথমে নাম-ধৰ্ম আৰু জাতি সোধে আৰু তাৰপিছতেই নিৰ্বিচাৰে গুলীচালনা কৰে। জানিব পৰা মতে, সন্ত্ৰাসবাদীয়ে পৰ্যটকসকলক ‘কলিমা’ (ইছলাম ধৰ্ম্মৰ মূল বাক্য বা মন্ত্ৰ -“লা ইলাহ ইল্পিল্পাহ, মহম্মদ ৰসূলিল্লাহ।”) পাঠ কৰিবলৈ কয়, যিসকলে সেয়া পাঠ কৰিব নোৱাৰিলে, তেওঁলোককেই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। মূলতঃ পুৰুষসকলকেই লক্ষ্য কৰি লয় সন্ত্ৰাসবাদীয়ে।

আজি বিয়লি ২:৩০ বজাৰপৰা ৩ বজাৰ ভিতৰত এই আক্ৰমণ হয় বুলি জানিব পৰা গৈছে। প্ৰায় ৪ৰপৰা ৬জনীয়া সন্ত্ৰাসবাদীৰ দলটোৱে পৰ্যটকসকলৰ সৈতে হিন্দী ভাষাতেই বাৰ্তালাপ কৰিছিল যদিও তেওঁলোকে নিজৰ মাজত পাঞ্জাৱী ভাষাত বাৰ্তালাপ কৰে। সন্ত্ৰাসবাদীৰ দলটোৱে পৰ্যটকসকলৰ পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ লগতে অতি বৰ্বৰভাৱে পৰ্যটকসকলৰ পোছাক খুলিও ধৰ্ম পৰীক্ষা কৰে। বিশেষ সূত্ৰৰ খবৰ অনুসৰি, সন্ত্ৰাসবাদীৰ দলটোৱে AK-47 মাৰণাস্ত্ৰ ব্যৱহাৰ কৰি আক্ৰমণ কৰে। আক্ৰমণৰ পিছতেই সন্ত্ৰাসবাদীৰ দলটো পাহাৰৰ ওপৰলৈ পলাই যায়। আজি সন্ত্ৰাসবাদীৰ দলটোৱে পেহেলগামত যিধৰণৰ কৌশলেৰে আক্ৰমণ কৰিলে, এই কৌশল সন্ত্ৰাসবাদী সংগঠন ISIS (Islamic State of Iraq and Syria)ৰ, যিটো কৌশল বৰ্তমান লস্কৰ-ঈ-তৈবা (Lashkar-e-Taiba) আৰু জৈশ-ঈ-মহম্মদ (Jaish-e-Mohammed)ৰ দৰে সন্ত্ৰাসবাদী সংগঠনেও ব্যৱহাৰ কৰিবলৈ লৈছে। শেহতীয়া খবৰ অনুসৰি, এই আক্ৰমণৰ দায়িত্ব The Resistance Front নামৰ পাক-সন্ত্ৰাসবাদী সংগঠনটোৱে স্বীকাৰ কৰিছে। The Resistance Front হৈছে লস্কৰ-ঈ-তৈবাৰ ভগ্নী সংগঠন। অমৰনাথ যাত্ৰাত ব্যাঘাত জন্মাবলৈ সন্ত্ৰাসবাদীয়ে এই প্ৰচেষ্টা চলাইছে বুলি আশংকা কৰা হৈছে।

Source: News18

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.

Related