কৰ্তব্যৰত আৰক্ষীক কৰিছিল প্ৰহাৰ! অৱশেষত গ্ৰেপ্তাৰ হ’ল বিজেপি নেত্ৰী দিপাঞ্জলী কাকতি

1 min read

অৱশেষত আৰক্ষীৰ জালত পৰিল বিজেপি নেত্ৰী দিপাঞ্জলী কাকতি। শনিবাৰে কাকপথাৰ আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দিয়া বিজেপিৰ নেত্ৰীগৰাকীক।

ঘটনা অনুসৰি, যোৱা ৮ নবেম্বৰত কাকপথাৰ থানাত প্ৰৱেশ কৰি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা ডিৰাক পাৱৈৰ বাসিন্দা দীপাঞ্জলী কাকতি মৰাণে কৰ্তব্যৰত আৰক্ষী উপ-পৰিদৰ্শক অপূৰ্ব দাসক শাৰীৰিকভাৱে অপদস্থ কৰি নিজকে মুখ্যমন্ত্ৰীৰ সোঁহাতস্বৰূপ বুলি কৈ চাকৰিৰ পৰা নিলম্বন কৰাৰ ভাবুকি দিছিল।

ইয়াৰ পিছতে আৰক্ষী উপ পৰিদৰ্শক অপূৰ্ব দাসে বিজেপি নেত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু কাকপথাৰ থানাই ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/৪৪৮/৩৩২/৪২৭ ধাৰাৰ বিপৰীতে ৪৮/২০২০ নম্বৰত এটা জামিনবিহীন গোচৰ ৰুজু কৰিছিল ক্ষমতাই মূৰত ধৰা নেত্ৰীগৰাকীৰ বিৰুদ্ধে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে  মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ সদস্যৰ দায়িত্ব দিছিল দিপাঞ্জলী কাকতিক।

Source:News18Assam

You May Also Like

More From Author