বাঢ়িছে কোৰোণাত আক্ৰান্তৰ সংখ্যা! ৰে’ল ষ্টেচন আৰু বিমান বন্দৰত বাধ্যতামূলক কৰা হ’ল কোৰোণাৰ পৰীক্ষা

1 min read

দেশত আকৌ আৰম্ভ হৈছে কোৰোণাৰ সংক্ৰমণ। এইবাৰ পূৰ্বতকৈ কোৰোণাই কিছু লক্ষণো সলনি কৰিছে বুলি জনাইছে বিশেষজ্ঞসকলে। দেশৰ বিভিন্ন প্ৰান্তত আকৌ বন্ধ কৰি দিয়া হৈছে বিদ্যালয়। অঞ্চল ভিত্তিক ল’ক ডাউনো ঘোষণা কৰা হৈছে।

কোৰোণাৰ এনে ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰতিটো ৰে’ল ষ্টেচন আৰু বিমান বন্দৰত আকৌ আৰম্ভ হৈছে কোৰোণাৰ পৰীক্ষা।বাধ্যতামূলক কৰা হৈছে এই পৰীক্ষা। এখন জাননী যোগে এই নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে।

অহা ১ মাৰ্চৰ পৰা ৰাজ্যৰ প্ৰতিটো বিমান বন্দৰ আৰু ৰে’ল ষ্টেচনত বাধ্যতামূলক হ’ব কোৰোণাৰ পৰীক্ষা। আৰু পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত এই ব্যৱস্থা বাহাল থাকিব।

Source:News18Assam

You May Also Like

More From Author