চি বি এছ ই ৰাষ্ট্ৰীয় জিমনাষ্টিকত অসমৰ তানিছি বসাকৰ স্বৰ্ণ জয়

চি বি এছ ই ৰাষ্ট্ৰীয় জিমনাষ্টিকত অসমৰ তানিছি বসাকৰ স্বৰ্ণ জয়

চি বি এছ ই অৰ্থাৎ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ৰাষ্ট্ৰীয় জিমনাষ্টিক প্ৰতিযোগিতাত স্বৰ্ণপদক অৰ্জন কৰিছে অসমৰ তানিছি বসাকে। তানিছিয়ে ১১ বছৰ অনূৰ্ধ্ব বেলেন্সিং বীম শাখাত প্ৰতিদ্বন্দ্বিতা কৰি এই সাফল্য অৰ্জন কৰে।

মহাৰাষ্ট্ৰৰ আহমেদনগৰত যোৱা ২ৰ পৰা ৫ নৱেম্বৰত অনুষ্ঠিত হৈছিল এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতা। তেওঁৰ প্ৰশিক্ষক হ’ল প্ৰাক্তন জিমনাষ্টিকছ খেলুৱৈ অমৰ নাথ।

গুৱাহাটী জালুকবাৰী নিবাসী পূৰবী বসাক আৰু প্ৰদীপ বসাকৰ কন্যা তানিছিয়ে আজাৰাৰ ছেইণ্ট জোছেফ ইংলিছ স্কুলত পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি আছে।

তানিছি হ’ল গুৱাহাটী ভৰলুমুখৰ অমৰ জিমনাষ্টিকছ ক’চিং চেণ্টাৰৰ নিয়মীয়া প্ৰশিক্ষাৰ্থী। উল্লেখ্য যে তানিছিয়ে প্ৰতিদ্বন্দ্বিতা কৰা শাখাত সমগ্ৰ দেশৰ ২০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।

Desk GT News

Desk GT News