জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

নেমকেয়াৰ হাস্পতালত জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। বিগত কেইবাদিনো ধৰি যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’বগৰাকী অসুস্থ হৈ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে। মন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ লৈ সাংবাদিকৰ আগত কয় যে জুবিনৰ কিছু আৰামৰ প্ৰয়োজন আছে, হয়তো কাইলৈ ঘৰলৈ যাবলৈ দিব জুবিন গাৰ্গক। তদুপৰি উন্নত চিকিৎসাৰ বাবে জুবিন গাৰ্গক বৰ্তমান বাহিৰলৈ নিয়াৰ প্ৰয়োজনীয়তা নাই বুলিও কয় স্বাস্থ্যমন্ত্ৰী মহন্তই। উল্লেখ্য যে চাৰি দিন ধৰি নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে জুবিন গাৰ্গ । শুকুৰবাৰে কেবিনলৈ shift কৰা হয় কণ্ঠশিল্পীগৰাকীক। ৫ জনীয়া বিশেষজ্ঞৰ দলে পৰিচৰ্যা কৰিছে জুবিন গাৰ্গক।

Shahnawaz Hamza

Related