ছাত্ৰ সন্থাৰ সংবাদমেল |মঙলদৈ আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ উপযুক্ত শিক্ষাগত অৰ্হতা নথকাৰ অভিযোগ

1 min read

মঙলদৈ ,৯ মে’ : দৰং জিলাৰ আইন শিক্ষাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান মঙলদৈ আইন মহাবিদ্যালয় খনৰ কৰ্মৰত অধ্যক্ষ গৰাকীৰ অধ্যক্ষ পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা নথকাৰ এক গুৰুতৰ অভিযোগ উথ্বাপন কৰিছে আন্ত:মঙলদৈ ছাত্ৰ সন্থা আৰু সদৌ দৰং জিলা ছাত্ৰ সন্থাই । এই উপলক্ষে বুধবাৰে বিয়লি মঙলদৈ প্ৰেছ ক্লাৱত
ছাত্ৰ সংগঠন দুটাই আয়োজন কৰা এক সংবাদ মেলত এই গুৰুতৰ অভিযোগ দাঙি ধৰে । ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ অৰূপ কলিতা, আন্ত:মঙলদৈ ছাত্র সন্হাৰ সভাপতি অজয় শইকীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা আৰু সদস্য মাহমুদুল হাছানে সংবাদ মেলত
প্ৰকাশ কৰে যে শেহতীয়া ভাবে বাৰ কাউঞ্চিল অফ ইণ্ডিয়াই ঘোষণা কৰা মতে ৰাজ্যৰ আইন
মহাবিদ্যালয় সমূহত নিযুক্তিপ্ৰাপ্ত তথা কৰ্মৰত অধ্যক্ষ সকলৰ অন্যান্য শিক্ষাগত

অৰ্হতাৰ লগতে পি এইছ ডি ডিগ্ৰী থকাটো বাধ্যতামূলক

কৰা হৈছে । সেইমৰ্মে মঙলদৈ আইন মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীৰ অন্যান্য শিক্ষা গত অৰ্হতা আছে যদিও তেওঁৰ পি এইছ ডি ডিগ্ৰী নাই । ইপিনে এই সন্দৰ্ভত বাৰ কাউঞ্চিল

অফ ইণ্ডিয়াই যোৱা ২০১৮ চনৰ ৮ ছেপ্টেম্বৰতে

মহাবিদ্যালয় খনলৈ স্মাৰক নং বি চি আই: ডি: ২১০৭/২০১৮(এল ই /এছ টি ডি, ১৩/১৪/১৫-৮-২০১৮) মৰ্মে প্ৰেৰণ কৰা এখনি গুৰুত্বপূৰ্ণ চিঠি আইন মহাবিদ্যালয় খনৰ অধ্যক্ষ গৰাকীয়ে গোপনে ৰাখি থোৱা বুলিও

ছাত্ৰ সন্থাৰ নেতৃবৃন্দই অভিযোগ কৰে । অৱশ্যে উক্ত চিঠি খনৰ প্ৰতিলিপি শেহতীয়া ভাবে ছাত্র সন্হাৰ হাতত পৰাত জোলোঙাৰ মেকুৰী ওলাই পৰে বুলি ছাত্ৰ সংগঠন টোৰ নেতৃত্বই সদৰী কৰে ।সেয়েহে ছাত্র সন্হাই এই ক্ষেত্ৰত আইন মহাবিদ্যালয় খনৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে মঙলদৈ আইন মহাবিদ্যালয় খনত অৰ্হতাহীন অধ্যক্ষক আতৰাই উপযুক্ত শিক্ষাগত অৰ্হতা সম্পন্ন ব্যক্তিক নিযুক্তি দিবলৈ

সংবাদমেলৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক দাবী জনাইছে । ছাত্র সংগঠনৰ নেতৃত্বই কয় যে আইন মহাবিদ্যালয় সমূহৰ অধ্যক্ষ সকলৰ শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ে সতৰ্কতা অৱলম্বন কৰা উচিত । ইপিনে মঙলদৈ আইন মহাবিদ্যালয়ৰ

অধ্যক্ষৰ শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত ছাত্ৰ সংগঠন দুটাই কোনো আপোচ নকৰে বুলি দৃঢ়তাৰে কয় ।

মকছেদ আলি ৰিপৰ্ট -GTM

You May Also Like

More From Author