ডায়েবেটিচ, উচ্চ ৰক্তচাপ, থাইৰয়ড, কৌষ্ঠকাঠিন, আদি ৰোগৰ পৰা নিজকে বচাই ৰাখিবলৈ এই নিয়মসমূহ মানি চলক

ডায়েবেটিচ, উচ্চ ৰক্তচাপ, থাইৰয়ড, কৌষ্ঠকাঠিন, আদি ৰোগৰ পৰা নিজকে বচাই ৰাখিবলৈ এই নিয়মসমূহ মানি চলক

ৰাতিপুৱা শুই উঠি বাহী মুখত প্ৰথমে পানী খোৱাৰ দৰকাৰ । ৰাতিপুৱা খোৱা পানীয়ে গোটেই শৰীৰটো পৰিষ্কাৰ কৰি আমাক ভিতৰৰ পৰা চাফা কৰি তোলে । যিদৰে ঘৰটো আমি ৰাতিপুৱা পানীৰে ধুই মচি চাফা কৰো , ঠিক সেইদৰে শৰীৰৰ ভিতৰটোও পানীৰে চাফা কৰাৰ দৰকাৰ । ( Assamese Health Tips )

নিয়মীয়াকৈ ৰাতিপুৱা পানী খোৱা মানুহ ডায়েবেটিচ , উচ্চ ৰক্তচাপ , থাইৰয়ড , কৌষ্ঠকাঠিন , আদিৰ লগতে বেছিভাক জীৱনশৈলীৰ লগত জড়িত ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰিব ।

ৰাতিপুৱা গৰমৰ দিনত আমি 3 মাহ তামৰ বাচনত থোৱা পানী খাব লাগে ।

ঠাণ্ডাৰ দিনত খোৱা পানী অলপ গৰম কৰি লব । কমেও 3 গিলাচ ৰাতিপুৱা খাওঁক ।

ৰাতিপুৱা পানী খোৱাৰ ডেৰ ঘণ্টা পিছত পেট ভৰাই খাওঁক । ভাত ভালদৰে চোৱাই চোৱাই খাওঁক । খাদ্য খোৱাৰ মাজত বা খাদ্য খাই উঠি লগে লগে পানী নাখাব ।। কমেও এক ঘণ্টা ৰৈ পানী খাব । এইখিনি সময়ত পিয়াহ লাগিলে Aloevera ৰস , ত্ৰিফলা চূৰ্ণ পানীত মিহলাই খাব পাৰে ।

ৰাতিপুৱা পেট ভৰাই খোৱাৰ পিছত দুপৰীয়া আধাপেট খাদ্য খাওঁক ।

দুপৰীয়া খাদ্য খাই বাওঁফালে কাটি হৈ 30 মিনিট শুব । 30 মিনিটৰ অধিক শুলে গাৰ বিষ হব ।

তাৰ পিছত গধূলিৰ খাদ্য একদম পাতল আৰু কম খাওঁক । গধূলিৰ খাদ্য খাই উঠি গাখীৰ এগিলাচ খাব পাৰে । ( Assamese Health Tips )

গধূলি খাদ্য খাই উঠি কমেও দুঘণ্টা পিছত শুব । 15 মিনিট সময় খোজকাঢ়িব গধূলি খাদ্য খাই ।

ৰাতিপুৱা খাদ্যৰ লগত দৈ , মাখন আদি খাব পাৰে । ৰাতি দৈ বা মাখন নাখাব ।

ত্ৰিফলা গুড়ি এচামুছ এগিলাচ গৰম পানীত মিহলাই ৰাতি শোৱাৰ আগতে নিয়মিত খালে সেই ব্যক্তি ডেৰশ বছৰ জীয়াই থাকিব সুস্থ শৰীৰে ।

ৰাতিপুৱা PURNANAVA ৰস সেৱন কৰিলে লিভাৰ আৰু কিডনী ভালে থাকে ।

এইদৰে দিনপঞ্জী পালন কৰা ব্যক্তিৰ সহজতে ৰোগ হব নোৱাৰে । ৰোগ নহলে আপুনি ঔষধ খোৱাৰ কোনো প্ৰয়োজনো নাই ।

গতিকে উচিত আহাৰ -বিহাৰ আৰু দিনপঞ্জী পালন কৰি সুস্থ হৈ থাকক ।

GTM Desk

Related