দুধনৈত পথ দুৰ্ঘটনা, দ্ৰুতবেগী ট্ৰাকে ই–ৰিক্সাত খুন্দা মৰাৰ ফলত থিতাতে নিহত এগৰাকী মহিলা

দুধনৈত পথ দুৰ্ঘটনা, দ্ৰুতবেগী ট্ৰাকে ই–ৰিক্সাত খুন্দা মৰাৰ ফলত থিতাতে নিহত এগৰাকী মহিলা

দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন এগৰাকী মহিলা আৰু এজন ই–ৰিক্সা চালক গুৰুতৰভাৱে আহত হয়৷ জানিব পৰা মতে, পুৰণিভিঠাৰ পৰা দুধনৈ অভিমুখে আহি থকা এখন ই-ৰিক্সাক এখন কয়লা পৰিবাহী ট্ৰাকে পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো৷

ই-ৰিক্সা চালক নয়ন ৰাভাই দুগৰাকী আৰোহী ক্ৰমে সৰলা ৰাভা(৫০) আৰু প্ৰতিমা ৰাভা(৬০)ক দুধনৈলৈ লৈ আহি থকা অবস্থাতে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে কয়লা পৰিবাহী ট্ৰাকখনে খুন্দা মাৰে। দুৰ্ঘটনাৰ পিছতে ট্ৰাকসহ পলায়ন কৰে চালকে৷

GTM Desk