দিলীপ হাজৰীকাই এইবাৰ পঞ্চায়ত নিৰ্বাচনত সভাপতি পদৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হৈছে ৷

দিলীপ হাজৰীকাই এইবাৰ পঞ্চায়ত নিৰ্বাচনত সভাপতি পদৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হৈছে ৷

দুবাৰকৈ কংগ্ৰেছ দলৰ হৈ পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কাৰ্য্যনিৰ্বাহ কৰা দিলীপ হাজৰীকাই এইবাৰ পঞ্চায়ত নিৰ্বাচনত সভাপতি পদৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হৈছে ৷ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নামিলেও জনপ্ৰিয়তা কমা নাই দিলীপ হাজৰীকাৰ ৷ এজন শিল্পী হিচাপেও নাম আছে হাজৰীকা দেৱৰ ৷ কংগ্ৰেছ , বিজেপি আৰু অগপৰ মাজত চলি থকা গৃহ কন্দলৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে হাজৰীকা দেৱে ৷ তেওঁৰ পত্নী আঞ্চলিক পঞ্চায়তৰ সদস্য থাকোতে তেলিয়া বেবেজীয়া গাওঁ পঞ্চায়তৰ এটি চৰকাৰী ৰাস্তাত চিচি ব্লক বহোৱাই ৰাইজৰ যি উপকাৰ কৰিলে সেই লৈ বেংগলী সম্পদায়ৰ লোক সকলেও আদৰি লৈছে হাজৰীকা দেৱক ৷ অনেক জীয়াতু ভোগা এই সকল লোকে ৰাস্তাটোৰ বাবে বহুবাৰ চৰকাৰক আবেদন জনাই অহাৰ পাছতো একো ব্যৱস্থা লোৱা নাছিল চৰকাৰে ৷ হাজৰীকা দেৱৰ পত্নীয়ে তেওঁৰ আচনিৰ পৰা ৮০ লাখ টকা মোকলাই দি ৰাস্তাটো নিৰ্মাণ কৰাত সকলোৱে একমুখে হাজৰীকা দেৱক শুভেচ্ছা জনোৱাৰ লগতে আদৰি লৈছে ৷

জুৰীয়াৰ পৰা পদুম ভূঞা

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.