CM Sarbananda Sonowal present in Dhola Election Campaining

CM Sarbananda Sonowal present in Dhola Election Campaining

শদিয়াৰ ঢলাত নিৰ্বাচনী প্ৰচাৰত অংশ ললে মুখ্যমন্ত্ৰী সোনোৱালে।

সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে শদিয়া সমষ্টিৰ ঢলাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ পুৱা ১১ বজাত গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে পোনে পোনে ধলাত উপস্থিত হয় মুখ্যমন্ত্ৰী ৷ শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া, শদিয়া জিলাৰ পৰ্যবেশক লক্ষ্য কোৱঁৰ, শদিয়া জিলা বিজেপিৰ সভাপতি যুধিষ্টিৰ গগৈ, প্ৰাক্তন জিলা সভাপতি ললিত মৰাণ, জিলাৰ প্ৰভাৰি চিওজি ডুবে উপস্থিত থকা নিৰ্বাচনী সভাখনত ভাষণ প্ৰসঙ্গত কয় যে এইবাৰ বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰিব ৷ অসমখনত সকলোৱে মিলিজুলি ৰামৰাজ্য বনোৱাৰ কথা উল্লেখ কৰে ৷ শদিয়াক বানিজ্য নগৰী ৰূপে প্ৰতিষ্টা কৰা হব বুলি কোৱাৰ লগতে প্ৰতিজন কৃষক বন্ধুক কৃষিৰ সজুলিৰ বাবে পাঁচ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱা কথা ঘোষণা কৰে ৷

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

 

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.