দেৱালীৰ প্ৰাকক্ষণত নতুন উদগনিমূলক পেকেজ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ

দেৱালীৰ প্ৰাকক্ষণত নতুন উদগনিমূলক পেকেজ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ

কেন্ত্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমনে বৃহস্পতিবাৰে এক সংবাদ মেল সম্বোধন কৰে। সংবাদমেল খনত তেওঁ ১.৫লাখ কোটী টকাৰ এটা উদগনিমূলক পেকেজ ঘোষনা কৰিছে। ‘আত্ম-নিৰ্ভৰ ভাৰত’ৰ অংশ হিচাপে এই পেকেজটো ঘোষনা কৰিছে কেন্দ্ৰীয় বৃত্তমন্ত্ৰী গৰাকীয়ে।

যিসকল নতুন কৰ্মচাৰীয়ে ইপিএফঅ’ ত পঞ্জীভূক্ত আৰু যিসকল মাহিলী উপাৰ্জন ১৫ হাজাৰতকৈ কম, তেওঁলোকে এই পেকেজৰ সুবিধাসমূহ লাভ কৰিব।তেওঁ কয় যে দুবছৰ পৰ্যন্ত এই পেকেজৰ সুবিধা সমূহ উপলব্ধ হ’ব।

তেওঁ উল্লেখ কৰে যে দেশৰ অৰ্থনৈতিক পুনৰোদ্ধাৰৰ কাম ক্ষীপ্ৰতাৰে সমাপন হৈছে। তেওঁ লগতে দেশৰ বজাৰ বৰ্তমান উন্নত বুলিও সংযোগ কৰে।

উল্লেখ্য যে যি সময়ত বিত্ত মন্ত্ৰী গৰাকীয়ে দেশৰ অৰ্থনীতি উন্নত বুলি উল্লেখ কৰিছে সেইসময়ত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই কয় দেশৰ অৰ্থনীতি বৰ্তমানেও পুণৰোদ্ধাৰ কৰা সহজসাধ্য হৈ উঠা নাই।

GTM Desk

Related