দেৱী লক্ষ্মীৰ আৰ্শীবাদত ভক্তসকলৰ কেতিয়াও ধনৰ অভাৱ নহয়

1 min read

মা লক্ষ্মীক ধনৰ দেৱী বুলি গণ্য কৰা হয়।শুক্ৰবাৰে লক্ষ্মী দেৱীক পূজা কৰাৰ নিয়ম আছে।কোৱা হয় যে-লক্ষ্মী দেৱীক বিধি-বিধানেৰে পূজা কৰিলে-তেতিয়া মা লক্ষ্মীয়ে নিজৰ ভক্তসকলক চিৰদিন সমৃদ্ধিশালী হবলৈ আৰ্শীবাদ দিয়ে।

দেৱী লক্ষ্মীৰ আৰ্শীবাদত ভক্তসকলৰ-কেতিয়াও ধনৰ অভাৱ নহয়।দেৱী লক্ষ্মীৰ পূজাত তেওঁৰ পচন্দৰ বস্তু আগবঢ়াব লাগে।পদুম ফুল মা লক্ষ্মীৰ অতি প্ৰিয়।কিন্তু পদুম ফুলৰ বাহিৰেও আন বহুতো ফুল আছে-যিবোৰ মা লক্ষ্মীয়ে ভাল পাই।

*সেই ফুল হৈছে-

১/কৰৱী ফুল-

জ্যোতিষীৰ মতে-কৰৱী ফুল-দেৱী লক্ষ্মীক অৰ্পণ কৰিব লাগে।কৰৱী ফুল আগবঢ়ালে মা লক্ষ্মী আনন্দিত হয়।বগা কৰৱী ফুলক শান্তি,সুখ, আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

২/নাৰ্জী ফুল-

আচলতে নাৰ্জী ফুল-ভগৱান বিষ্ণুৰ অতি প্ৰিয়।যাৰ বাবে-নাৰ্জী ফুল দেৱী লক্ষ্মীক আগবঢ়ালে-তেওঁ আনন্দিত হয়।

৩/ৰঙা গোলাপ ফুল-

ৰঙা গোলাপ মা লক্ষ্মীৰ বৰ প্ৰিয়।ৰঙা গোলাপ আগবঢ়ালে সন্তষ্ট হয়-মা লক্ষ্মী।বিবাহিত নাৰীয়ে মা লক্ষ্মীক ৰঙা গোলাপ আগবঢ়াব লাগে বুলি বিশ্বাস কৰা হয়।

৪/নীলা অপৰাজিতা ফুল-

নীলা ৰংৰ অপৰাজিতাৰ ফুল আগবঢ়ালে মা লক্ষ্মী সন্তষ্ট হৈ-ভক্তসকলক শুভ আৰ্শীবাদ প্ৰদান কৰে।ইয়াৰ লগতে ভক্তসকলৰ ওপৰত দেৱী লক্ষ্মীৰ কৃপা ৰৈ যায়।

৫/পদুম ফুল-

দেৱী লক্ষ্মীৰ পদুম ফুল হৈছে-আটাইতকৈ প্ৰিয় ফুল।কোৱা হয় যে-দেৱী লক্ষ্মীৰ পূজাত পদুম ফুল আগবঢ়াব লাগে।পদুম ফুল আগবঢ়ালে-দেৱী লক্ষ্মী সন্তষ্ট হয়।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author