ৰাহুৰ পৰা ৰক্ষা পাবলৈ কৰক এই উপায়..

1 min read

কুণ্ডলীত ৰাহু-কেতুৰ নাম আহিলেই মনুষ্যৰ মন কিবা অনিষ্টৰ আশংকাত ভয় খায়।যদি আপোনাৰ কুণ্ডলীত বহি ৰাহুৱে আপোনাৰ প্ৰগতিৰ বাটত বাধা দিয়াৰ কাম কৰিছে-তেন্তে ছায়া গ্ৰহ ৰাহুৰ অশুভতাক দূৰ কৰিবলৈ-এই সৰল উপায় সমূহ কৰিব লাগে। ( Religious Studies)

*জ্যোতিষত ৰাহু ৰসহ্যৰে ভৰা এটা ছায়া গ্ৰহ হয়।জ্যোতিষৰ অনুসাৰে-কোনো ব্যক্তিৰ কুণ্ডলীত ৰাহুৱে অশুভ প্ৰভাৱ দিলে-সেইজনৰ জীৱনৰ দিশ সলনি হৈ যায়।সেইজনে জীৱনৰ প্ৰতি ক্ষণতে সমস্যাৰ সন্মুখীন হবলগীয়া হয়।জ্যোতিষৰ অনুসাৰে-কোনো ব্যক্তিৰ কুণ্ডলীত-দুখ,চিন্তা,দুৰ্ভাগ্য,ভয় আদিৰ বাবে-ৰাহুৰ স্থিতিক চোৱা হয়।ৰাহুৰ অশুভ প্ৰভাৱৰ দ্বাৰা ব্যক্তি এলেহুৱা আদিৰ দৰে হয় আৰু পাপ কৰ্ম আদি কৰে।সেইজন ব্যক্তিৰ?প্ৰায়-অনিদ্ৰা,মানসিক চিন্তা, পেট সম্বন্ধীয় সমস্যা আদিয়ে বেৰি থাকে।

*ৰাহুৰ লগত জড়িত দোষ দূৰ কৰাৰ কিছুমান সৰল উপায়-

১/ৰাহুৰ অশুভ ফলৰ পৰা ৰক্ষা পাবলৈ-কেতিয়াও ভুলটো কাৰোবাৰ বাবে মিছা গবাহী দিব নালাগে।আৰু মিছা শপত খাব নালাগে।

২/ৰাহুৰ অশুভ ফলৰ পৰা ৰক্ষা পাবলৈ-সন্ধিয়া অৰ্থাৎ সূৰ্যদয় বা সূৰ্য্যস্তৰ সময়ত কোনো মহত্বপূৰ্ণ কাৰ্য্য কৰিব নালাগে।

৩/ৰাহুৰ অশুভ ফলৰ পৰা ৰক্ষা পাবলৈ-নিশা শোৱাৰ সময়ত মূৰৰ শিতানত Jooৰাখি শুৱ লাগে আৰু পুৱা দান কৰি দিব লাগে।এই উপায় কৰিলে-ৰাহুৰ লগত জড়িত অশুভ প্ৰভাৱ দূৰ হয়।( Religious Studies)

 

৪/ৰাহুৰ অশুভ প্ৰভাৱৰ বাবে-কাৰোবাৰ ওচৰত পইচা ফঁচি থাকিলে-তেন্তে সেয়া পাবলৈ-প্ৰতিদিনে পুৱাতে পক্ষীক আহাৰ দিব লাগে।

৫/ৰাহু গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ কৰিবলে-কোনো।জ্যোতিষীৰ দ্বাৰা গৌমেদ যুক্ত ৰাহু য়ন্ত্ৰ লকেটত বনাই বিধি-বিধানেৰে পিন্ধিব লাগে।

৬/ৰাহুৰ লগত জড়িত অশুভ প্ৰভাৱক দূৰ কৰিবলে-ৰূপৰ নাগ গঢ়াই বিধি-বিধানেৰে পূজা কৰি কোনো মন্দিৰত দান কৰিব লাগে।

৭/ৰাহুৰ অশুভ ফলক দূৰ কৰিবলে-সোঁ-হাতত ৰূপৰ খাৰু আৰু ডিঙিত ৰূপৰ চেইন পিন্ধিব লাগে।

৮/যদি আপোনাৰ কুণ্ডলীত ৰাহুৰ দশা চলি আছে যদি,আৰু তাৰে অশুভ ফল পাইছে যদি-তেন্তে কোনো কোষ্ঠ ৰোগীক ধন তথা খোৱাৰ সামগ্ৰী দান কৰি সহায় কৰিব লাগে।

৯/ৰাহুৰ দ্বাৰা পিড়িত ব্যক্তিয়ে-প্ৰতি শনিবাৰে বিধি-বিধানেৰে ব্ৰত কৰিব লাগে।ব্ৰতৰ শুভ প্ৰভাৱৰ দ্বাৰা ৰাহুৰ দুঃপ্ৰভাৱ কম হয়।

১০/ৰাহুৰ অশুভ প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ-প্ৰতিদিনে শিৱ মন্দিৰলে গৈ-শিৱ লিংগত বেলপাত আৰু ধতুৰা অৰ্পণ কৰিব লাগে।ভগৱান শিৱৰ সাধনাৰ লগত জড়িত-এই উপায় দ্বাৰা ৰাহুৰ লগত সম্বন্ধিত দোষ দূৰ হয়।(সংগ্ৰহিত)।

You May Also Like

More From Author