ধিঙত টেট শিক্ষয়িত্রীক ধর্ষণ টেট শিক্ষকৰ

1 min read

শিক্ষকে শিক্ষয়িত্রীক ধর্ষণ কৰা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ধিঙৰ ৰৌমাৰীত৷ উত্থাপিত অভিযোগ মতে, আৰিফ আহমেদ নামৰ এজন টেট শিক্ষকে টেট শিক্ষকে ধর্ষণ কৰে এগৰাকী টেট শিক্ষয়িত্রীক৷ দক্ষিণ তুমুকাবড়িৰ প্রাথমিক বিদ্যালয়ৰ টেট শিক্ষক আৰিফ আহমেদে ঘৰত কোনো নথকাৰ সুযোগ লৈ বলপূর্বকভাৱে ধর্ষণ কৰে টেট শিক্ষয়িত্রীগৰাকীক৷ কেইমাহমাম পূর্বে সংঘটিত হৈছিল এই ঘটনা৷ দুর্ভগীয়া শিক্ষয়িত্রীগৰাকীয়ে ন্যায় বিচাৰি ধিঙৰ আহোম গাঁও উপ–আৰক্ষী চকীত লম্পট টেট শিক্ষকৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল৷ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিয়ে দায়িত্ব সামৰে৷ উত্থাপিত অভিযোগ মতে অতি কৌশলেৰে আৰিফ আহমেদে এগৰাকী মহিলাৰ হতুৱাই এটা ভুৱা গোচৰ তৰে টেট শিক্ষয়িত্রীগৰাকীৰ স্বামীৰ বিৰুদ্ধে৷ আৰু ভয়–ভাবুকি প্রদান কৰে টেট শিক্ষয়িত্রীগৰাকীক৷ নগাঁও সদৰ আৰক্ষীয়ে কালি শিক্ষয়িত্রীগৰাকীৰ স্বামীক গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ টেট শিক্ষয়িত্রীগৰাকী কালি ন্যায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপে৷ আন এক অভিযোগ মতে, টেট শিক্ষক আৰিফ আহমেদে বিগত দুমাহ ধৰি বিদ্যালয়ত অনুপস্থিত যদিও বিভাগীয় কর্তৃপক্ষই তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা নাই৷

Source – Niyomiabarta

You May Also Like

More From Author