নগাঁও জিলা জুৰীয়াৰ পূজা বাৰীত মৃন্ময় মূৰ্তি ভঙাক লৈ চাঞ্চল্য ৷

1 min read

নগাঁও জিলা জুৰীয়াৰ পূজা বাৰীত মৃন্ময় মূৰ্তি ভঙাক লৈ চাঞ্চল্য ৷

নগাঁও জিলাৰ জুৰীয়াৰ ষ্টেচন ৰোড পূজা বাৰীত যোৱা নিশা কোনো অজ্ঞাত লোকে প্ৰৱেশ কৰি মন্দিৰত থকা মৃন্ময় মূৰ্তি সমুহ ভাঙি পেলোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ পঞ্চায়ত নিৰ্বাচনৰ আগত এই মূৰ্তি সমুহ ভাঙি অঞ্চলটোত কোনে কি বিষবাষ্প বিয়াপাব বিচাৰিছে তাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ জুৰীয়া আৰক্ষী উপস্থিতহৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও ৰাইজে ইয়াৰ এটা উচিত তদন্ত দাবি কৰিছে ৷ বছৰ বছৰ ধৰি শান্তিৰে বসবাস কৰা জুৰীয়াৰ লোক সকলৰ মাজত কোনে এই কাণ্ড কৰি শান্তি বিঘ্নিত কৰিব বিচাৰিছে ৷ জুৰীয়া আৰক্ষীক অতি শিঘ্ৰে তদন্ত কৰি দোষীক কৰায়ত্ত কৰি দৃষ্টান্ত মুলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷
জুৰীয়াৰ পৰা পদুম ভূঞা |

You May Also Like

More From Author