নগাঁৱত অনুপ চেতিয়াৰ বিস্ফোৰক মন্তব্য । চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ যো-জা চলোৱাৰ বাবেই |

নগাঁৱত অনুপ চেতিয়াৰ বিস্ফোৰক মন্তব্য । চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ যো-জা চলোৱাৰ বাবেই |

অসমৰ ৰাইজে এতিয়া আলফা স্বাধীনৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছে । সেয়ে বহু নৱপ্ৰজন্ম আলফালৈ ধাৱমান হৈছে । শেহতীয়াকৈ পৰেশ বৰুৱাৰ ভতিজাককে ধৰি এগৰাকী চফটৱেৰ ইঞ্জিনিয়াৰ আৰু বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে আলফাত যোগদান কৰিছে । এই কথা পৰেশ বৰুৱাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ পিছত মই নিশ্চিত হৈছোঁ । এই মন্তব্য আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ । নগাঁৱৰ সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক মন্তব্য প্ৰদান কৰে আলফাৰ সাধাৰণ সম্পাদক গৰাকীয়ে । লগতে তেওঁ কয় যে , চৰকাৰৰ ভুল নীতিৰ বাবেই আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ যো-জা চলোৱাৰ বাবেই এনেদৰে আলফাৰ প্ৰতি বিভিন্নজন আকৰ্ষিত হৈছে । ইফালে ৰেৱতী ফুকনে আলফাত যোগদান কৰাটো এক দুষ্ট চক্ৰৰ অপপ্ৰচাৰ বুলি অভিহিত কৰে অনুপ চেতিয়াই ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.