নগাঁৱত ৰেলৰ আলিত নিহত এগৰাকী মহিলা।

1 min read

নগাঁও চহৰৰ হয়বৰগাঁও ৰেল ষ্টেচনৰ সমীপতে আজি দুপৰীয়া প্ৰায় ১.৩০ বজাত ৰেল আলিত এগৰাকী মহিলাৰ মৃতদেহ ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে। নিহত মহিলা গৰাকীক বাতৰি যুগুটুৱা সময়লৈকে চিনাক্ত কৰিব পৰা নাই আৰু মহিলা গৰাকীয়ে আত্মহত্যা কৰিছেনে দুৰ্ঘটনাবশত: ৰেলে কাটিছে ই ৰেল আৰক্ষীৰ তদন্তত প্ৰকাশ পাব। সম্প্ৰতি ৰেল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Adil Shah report, Guwahati Times.

You May Also Like

More From Author