Elephant Causes Havoc in Nagaon. Forest Department Fails controlling situation

1 min read

নগাঁৱৰ ছিলঙনীত বন্যহস্তীৰ সন্ত্ৰাস । খেদি পঠিওৱাত ব্যৰ্থ বন বিভাগ ।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা দুই বন্যহস্তীয়ে সন্ত্ৰাস চলালে নগাঁৱৰ ছিলঙনী অঞ্চলত । লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা বন্যহস্তী দুটাই নগাঁৱৰ ছিলঙনী অঞ্চলৰ লগতে ভকতগাঁও , চলচলি আদিকে ধৰি কেইবাখনো গাঁৱৰ পথাৰৰ ধান খেতি খাই তহিলং কৰে । বন বিভাগে গঞা ৰাইজৰ সহযোগত হাতী দুটা লাওখোৱা অভয়াৰণ্যলৈ খেদি পঠিওৱাৰ চেষ্টা কৰিছে যদিও বাতৰি যুগুতোৱাৰ পৰলৈকে খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই । ইপিনে বন্যহস্তী দুটাৰ এই সন্ত্ৰাসৰ বাবে আতংকিত হৈ পৰিছে গঞা ৰাইজ ।

নগাঁৱৰ পৰা আদিল শ্বাহ গুৱাহাটী টাইমচ।

You May Also Like

More From Author