Advertisement

নগাঁৱৰ ফৌজদাৰিপট্টিত নগাঁও জিলা কবি সন্মিলনৰ উদ্যোগত দেৱকান্ত বৰুৱা সোঁৱৰণী অনুষ্ঠান সম্পন্ন

নগাঁৱৰ ফৌজদাৰিপট্টিত নগাঁও জিলা কবি সন্মিলনৰ উদ্যোগত দেৱকান্ত বৰুৱা সোঁৱৰণী অনুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২২ফেব্ৰুৱাৰী:–নগাঁও জিলা কবি সন্মিলনৰ উদ্যোগত বুধবাৰে নগাঁৱৰ ফৌজদাৰিপট্টিত দেৱকান্ত বৰুৱা সোঁৱৰণী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সভাৰ আৰম্ভণিতে দেৱকান্ত বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতীয়ে। ইয়াৰ পাছতে নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট কবি ডা:প্ৰয়াগ শইকীয়া,নগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি অশোকৰাম ভট্টাচাৰ্য,শশী কেওট,কঠীয়াতলী আঞ্চলিক কবি সন্মিলনৰ সভাপতি অতুল চন্দ্ৰ কাকতীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

দেৱকান্ত বৰুৱাই সমাজ আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়াই যোৱা অৱদান সন্দৰ্ভত সুন্দৰ বক্তব্য ৰাখে বিশিষ্ট কবি ডা:প্ৰয়াগ শইকীয়া,বিশিষ্ট কবি মদাৰজ্যোতি আৰু অতুল চন্দ্ৰ কাকতীয়ে। নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণে আঁত ধৰা সোঁৱৰণী অনুষ্ঠানত কবি ক্ৰমে ৰমাকান্ত শৰ্মা,ডা:প্ৰয়াগ শইকীয়া, আমিৰুল নাজিম,স্বপ্না দেৱী,শিখা ৰাণী শইকীয়া পাঠক,সঞ্জীৱ কুমাৰ বৰা,বৰ্ণালী ডেকা,মধু চৌধুৰী, ধৰ্মেশ্বৰ বৰা,শশী কেওট,দ্বিজেন্দ্ৰ নাথ হাজৰিকা,গুণ কাকতী, মদাৰজ্যোতি,অশোকৰাম ভট্টাচাৰ্য,লখিমী মহন্ত,জয়ন্ত কুমাৰ দাস,তুলিকা দেৱী,আশা বৰা মন,ৰিণী কাকতী বৰা,ড°ৰূবা ফুকন,খৰ্গেশ্বৰ বৰা,অঞ্জনা শইকীয়া,হাইছ উদ্দিন আহমেদকে ধৰি ডেৰকুৰী কবিয়ে কবিতা পাঠ কৰে । কবিতা পাঠৰ পাছতেই সদৌ অসম কবি সন্মিলনৰ কাব্যমন্ত্ৰৰে অনুষ্ঠানৰ সামৰণি মৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Shahnawaz Hamza

Related