নগাওঁ জিলাত দুই মহিলাই কেৰুণ লগাইছে ভোটাৰ ৰাইজৰ মাজত ৷

নগাওঁ জিলাত দুই মহিলাই কেৰুণ লগাইছে ভোটাৰ ৰাইজৰ মাজত ৷

প্ৰথম পয্যাৰ্য়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে বটদ্ৰৱা বিধান সভা সমষ্টিৰ ১০ নং হাতীচোং জিলা পৰিষদ সমষ্টিৰ বাবে অগপৰ প্ৰাৰ্থীত্ব গ্ৰহণ কৰি মনোনয়ন দাখিল কৰে সমষ্টিটোৰ বিজেপিৰ মহিলা নেত্ৰী তথা দলংঘাট মণ্ডলৰ মহিলা মৰ্চ্চাৰ সভানেত্ৰী অৱন্তী দেৱীয়ে ৷ অথচ  আজি কেইদিনমান আগতে এইগৰাকী অৱন্তী দেৱীকেই স্কুটিৰ পিছৰ আসনত বহুৱাই লৈ বিধায়িকা আঙুৰলতা ডেকাই সমষ্টিটোৰ বিভিন্ন ঠাইত আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰিছিল ৷নিজৰ স্কুটীৰ পিছৰ আসনৰ আৰোহীগৰাকীকেই দলত ধৰি ৰাখিব নোৱাৰা বিষয়টোৱে এতিয়া ৰাইজৰ মাজত বিশেষ চৰ্চাৰ লাভ কৰিছে বটদ্ৰৱা ৰাইজৰ মাজত ৷ আন ফালে ৰূপহীহাট সমষ্টিৰ অগপৰ নেত্ৰী ফাৰনাজ আহমেদে বিজেপি দলৰ হৈ ৰূপহী জিলা পৰিষদৰ সদস্য হিচাপে টিকট লাভ কৰাক লৈ ৰাইজৰ মাজত লাগাইছে খেলিমেলি ৷ ৰূপহী ব্লকত বিশেষ জনপ্ৰিয়তা থকা ফাকলী গাওঁ পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্যা ফাৰনাজ আহমেদ অগপ দল এৰি বিজেপি দলত যোগদান কৰি প্ৰাৰ্থীত্ব লাভ কৰা কাৰ্য্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৰূপহী সাধাৰণ ৰাইজৰ মাজত ৷ অগপ দল কিয় এৰিলে ফাৰনাজ আহমেদে এই লৈও চৰ্চা চলিছে সকলোৰে মাজত ৷ তেওঁৰ প্ৰচাৰ অভিযানৰ সময়ত অগপৰ বিৰুদ্ধে অনা অভিযোগে কিমান সহাৰি লাভ কৰিব সেইয়া সময়তহে গম পোৱা যাব ৷

জুৰীয়াৰ পৰা পদুম ভুঞা ৷

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.