নগৰ সমিতিৰ নিৰ্বাচনী প্ৰচাৰত উত্তাল বকলীয়াঘাট ৷

1 min read

নগৰ সমিতিৰ নিৰ্বাচনী প্ৰচাৰত উত্তাল বকলীয়াঘাট ৷ অহা ৮ জানুৱাৰীত অনুষ্ঠিত হব বকলীয়াঘাট নগৰ সমিতিৰ নিৰ্বাচন ৷ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ ৰথী মহাৰথীয়ে মাৰাথন প্ৰচাৰ অব্যাহত ৰাখিচে পাহাৰীয়া জিলা খনত ৷ শনিবাৰে বকলীয়ীঘাটত নগৰ সমিতিৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি কংগ্ৰেছ দলৰ মুখপত্ৰ অপূৰ্ব ভট্টাচাৰ্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ নাগৰীকত্ব সংশোধনী বিধেয়কৰ ওপৰত প্ৰধান মন্ত্ৰী গৰাকীয়ে কৰা মন্তব্যত তীব্ৰ ক্ষোভ ব্যক্ত কৰে ভট্টাচাৰ্যই ৷ উল্লেখ্য, বকলীয়াঘাট নগৰ সমিতিৰ মুঠ সাতটা ওৱাৰ্ডৰ বাবে কংগ্ৰেছ, বিজেপি,এ এছ ডি চিকে ধৰি বিংভিন্ন ৰাজনৈতিক দলে প্ৰাৰ্থীত্ব আগবঢাই প্ৰচাৰ অভিযান তুংগত ৰাখিছে ৷ মুলত বকলীয়াঘাট নগৰ সমিতিৰ আতাইকেইটা ওৱাৰ্ডতে কংগ্ৰেছ দলে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে গেৰুৱা দলটোক ৷ নাগকীকত্ব বিধেয়ক, মুল্যবৃদ্ধি, মোডীৰ মিথ্যাচাৰ আৰু অসমবাসীক কৰা চূৰান্ত প্ৰতাৰনাক কংগ্ৰেছে নিৰ্বাচনী ইছ্যু কৰা পৰিলক্ষিত হৈছে ৷ বিজেপিৰ কথাত ভোল নাযাবলৈ বকলীয়াঘাট ৱাসীক আহ্বান জনাইছে কংগ্ৰেছী নেতৃ বিন্দই ৷ নিউজ ডেক্স ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author