নগৰ সমিতিৰ নিৰ্বাচনী প্ৰচাৰত উত্তাল বকলীয়াঘাট ৷

নগৰ সমিতিৰ নিৰ্বাচনী প্ৰচাৰত উত্তাল বকলীয়াঘাট ৷

নগৰ সমিতিৰ নিৰ্বাচনী প্ৰচাৰত উত্তাল বকলীয়াঘাট ৷ অহা ৮ জানুৱাৰীত অনুষ্ঠিত হব বকলীয়াঘাট নগৰ সমিতিৰ নিৰ্বাচন ৷ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ ৰথী মহাৰথীয়ে মাৰাথন প্ৰচাৰ অব্যাহত ৰাখিচে পাহাৰীয়া জিলা খনত ৷ শনিবাৰে বকলীয়ীঘাটত নগৰ সমিতিৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি কংগ্ৰেছ দলৰ মুখপত্ৰ অপূৰ্ব ভট্টাচাৰ্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ নাগৰীকত্ব সংশোধনী বিধেয়কৰ ওপৰত প্ৰধান মন্ত্ৰী গৰাকীয়ে কৰা মন্তব্যত তীব্ৰ ক্ষোভ ব্যক্ত কৰে ভট্টাচাৰ্যই ৷ উল্লেখ্য, বকলীয়াঘাট নগৰ সমিতিৰ মুঠ সাতটা ওৱাৰ্ডৰ বাবে কংগ্ৰেছ, বিজেপি,এ এছ ডি চিকে ধৰি বিংভিন্ন ৰাজনৈতিক দলে প্ৰাৰ্থীত্ব আগবঢাই প্ৰচাৰ অভিযান তুংগত ৰাখিছে ৷ মুলত বকলীয়াঘাট নগৰ সমিতিৰ আতাইকেইটা ওৱাৰ্ডতে কংগ্ৰেছ দলে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে গেৰুৱা দলটোক ৷ নাগকীকত্ব বিধেয়ক, মুল্যবৃদ্ধি, মোডীৰ মিথ্যাচাৰ আৰু অসমবাসীক কৰা চূৰান্ত প্ৰতাৰনাক কংগ্ৰেছে নিৰ্বাচনী ইছ্যু কৰা পৰিলক্ষিত হৈছে ৷ বিজেপিৰ কথাত ভোল নাযাবলৈ বকলীয়াঘাট ৱাসীক আহ্বান জনাইছে কংগ্ৰেছী নেতৃ বিন্দই ৷ নিউজ ডেক্স ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.