নলবাৰীত যৌতুকৰ বাবে বোৱাৰিকক হ্ত্যা কৰা অপৰাধত স্বামী, শাহু, ননদ আৰু দেওৰকক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড

নলবাৰীত যৌতুকৰ বাবে বোৱাৰিকক হ্ত্যা কৰা অপৰাধত স্বামী, শাহু, ননদ আৰু দেওৰকক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড

নলবাৰীঃবিয়াৰ যৌতুকৰ বাবে নিৰ্যাতনৰ বলি হৈ অহা এগৰাকী নৱবিবাহিতা বোৱাৰীক কেৱল নিৰ্যাতন কৰাই নহয় হত্যা পৰ্যন্ত কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল স্বামী, শাহু, ননদ তথা দেওৰেকে। উক্ত ঘটনাটো সংঘটিত হৈছিল নলবাৰী জিলাত । ২০০৮ চনতে সংঘটিত হোৱা এই যৌতুকজনিত হত্যাকাণ্ডৰ ৰায় অৱশেষত নলবাৰী সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতে প্ৰদান কৰে । এই ঘ্টনাৰ লগত জড়িত স্বামী, শাহু, ননদ তথা দেওৰকক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হয়। উল্লেখযোগ্য যে ২০০৮ চনৰ জানুৱাৰী মাহত নলবাৰী জিলাৰ উমেশ ডেকাৰ কন্যা সুমিতা ডেকা নলবাৰী জিলাৰে প্ৰভাত বৰ্মণৰ পুত্ৰ অশোক বৰ্মণৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল । কিন্তু বিয়াৰ পাছৰে পৰা স্বামীৰ লগতে পৰিয়ালৰ লোকৰ পৰা যৌতুকৰ বাবে মানসিক তথা শাৰীৰিকভাৱে অত্যাচাৰৰ সন্মুখীন হৈ আহিছিল সুমিতাই । অৱশেষত পৰিয়ালটোৱে সুমিতা ডেকাক অত্যাচাৰ কৰাতেই ক্ষান্ত নাথাকি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়ে । এই ঘটনাৰ পিছদিনাই সুমিতা ডেকাৰ পৰিয়ালে স্থানীয় বেলশৰ থানাত উক্ত ঘটনাটোৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত বেলশৰ আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি ৩০৪(বি),৪৯৮(এ)ৰ অধীনত ৯৪/২০০৮ নম্বৰত এটা গোচৰ ৰুজু কৰি সুমিতা ডেকাৰ পৰিয়াল অভিযোগৰ ওপৰত ভিত্তি কৰি তদন্ত আৰম্ভ কৰে ।এই গোচৰৰ শুনানিৰ অন্তত আদালতে ভাৰতীয় দণ্ড বিধি ৩০৪ (বি) আৰু ৪৯৮ (এ)ৰ অধীনত সুমিতা ডেকাৰ স্বামী, শাহু, দেওৰেক আৰু ননদক দোষী সাব্যস্ত কৰি ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে ।
উল্লেখ্য যে অভিযুক্তৰ হৈ আদালতত যুক্তি-প্ৰদৰ্শন কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বিজন মহাজনে আৰু অভিযোগকাৰীৰ হৈ যুক্তি-প্ৰদৰ্শন কৰিছিল ধীৰেন্দ্ৰ নাথ বৰ্মণে । চৰকাৰী অধিবক্তা ধীৰেন্দ্ৰ নাথ বৰ্মণৰ যুক্তিৰ ওচৰত হাৰ মানিলে বিজন মহাজনৰ যুক্তিয়ে আৰু অৱশেষত সম্পূৰ্ণ ১১ বছৰৰ মূৰত ন্যায় পালে সুমিতা ডেকাৰ পৰিয়ালে ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.