হায় মানৱতা! ক’ত আছে এই বজাৰ, ১০-২০ হেজাৰতে বিক্ৰী হয় যুৱতী

হায় মানৱতা! ক’ত আছে এই বজাৰ, ১০-২০ হেজাৰতে বিক্ৰী হয় যুৱতী

এতিয়াও অব্যাহত আছে মানুহ বেচা কিনা কৰা এখন বজাৰ। শুনিবলৈ আচৰিত হ’লেও এই কথাই সঁচা। ১০ৰ পৰা ২০ হেজাৰ টকাতেই বেচা কিনা হয় মানুহ। বিশ্বনাথৰ বিহালীৰ এগৰাকী যুৱতীক এনে এখন বজাৰৰ পৰা উদ্ধাৰ কৰি অনাৰ পিছতে উন্মোচিত হৈছে এই কাহিনী।

ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰিচয়েৰে প্ৰৱেশ কৰা ব্ৰিটিছৰো পূৰ্বেই দক্ষিণ পূব এছিয়াৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত চলিছিল ক্ৰীতদাসৰ ক্ৰয় বিক্ৰয়ৰ এই বেহা। অসমলৈ ইয়াৰ আগমন পিছে ব্ৰিটিছৰ জৰিয়তে ঘটিছিল যদিও লৰ্ড দেলহাউচিৰ দিনত দাস প্ৰথা নিষিদ্ধও কৰা হৈছিল। কিন্তু ব্ৰিটিছ গ’লেও দেশে স্বাধীনতা লাভ কৰা ৭০ বছৰ পাৰ হ’লেও বাস্তৱত পিছে আজিও অব্যাহত আছে এই জঘণ্য বেহা। যি উত্তৰ পূৰ্বাঞ্চলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অষ্টলক্ষী হিচাপে সম্বোধন কৰে সেই উত্তৰ পূবৰে অন্যতম ৰাজ্য অসমৰ লখিমী জীয়ৰি ক্ৰীতদাস হিচাপে বিক্ৰী হয় চুবুৰীয়া ৰাজ্য অৰুণাচলত।

বিশ্বনাথ চাৰিআলিৰ পৰা জোনাই অঞ্চলৰ অসংখ্য কিশোৰী-যুৱতীয়ে কাম কৰি আহিছে ক্ৰীতদাস ৰূপে। চীনৰ সীমান্তৱৰ্তী অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচনৰ দুৰ্গম এলেকাত ক্ৰীতদাসৰূপে আবদ্ধ হৈ কাম কৰি আছে যুৱতীসকলে। অৰ্থনৈতিকভাৱে দুৰ্দশাগ্ৰস্ত উত্তৰ অসমৰ ভিতৰুৱা অঞ্চলসমূহৰ পৰা একাংশ দালালে দৰিদ্ৰ পিতৃ-মাতৃৰ হাতত কেইটামান টকা তুলি দি কিনি লৈ যায় সেইসকল যুৱতী-কিশোৰীক। ৭ বছৰীয়া, ৯ বছৰীয়া একোগৰাকী কিশোৰীক আপাৰ সোঁৱণশিৰি জিলাৰ লগতে চীন সীমান্তৱৰ্তী বিভিন্ন অঞ্চলৰ চহকী লোকক ক্ৰীতদাস হিচাপে ৫০ হাজাৰৰ পৰা ১ লাখ টকা বিক্ৰী কৰি দিয়া হয়। পোহনীয়া জীৱ জন্তুৰ দৰে গৰাকীয়ে আকৌ নিজৰ প্ৰয়োজন অনুসৰি অধিক দামত বিক্ৰী কৰি দিয়ে সেইসকল যুৱতীক।

চীন সীমান্তৱৰ্তী অৰুণাচলৰ বিভিন্ন অঞ্চলত ভাৰতীয় সেনা আৰু চোৰাংচোৱাৰ লগতে অৰুণাচল আৰক্ষীৰো অতি সতৰ্ক দৃষ্টি থাকে বুলিয়ে সকলোৰে ধাৰণা। কিন্তু এই সকলো ধাৰণা মিছা বুলি প্ৰমাণ কৰি যোৱা ২ জুলাইৰ দিনা বিহালীৰ পূজা নামৰ ছোৱালীজনীয়ে উদঙাই দিছিল পৰিৱৰ্তনকাৰী চৰকাৰৰ দিনত পাৰ্বত্য ৰাজ্যখনত চলি থকা আদিম সভ্যতাৰ জঘণ্য ছবি।

৭ বছৰ বয়সতে তাইৰ দুৰ্ভগীয়া পিতৃ-মাতৃক প্ৰৱঞ্চনা কৰি এজন লোকে লৈ গৈছিল তাইক। তাৰ পিছৰে পৰা অৰুণাচলৰ দাপৰিজোৰ পৰা ৩০০ কিলোমিটাৰ দূৰৈত অৱস্থিত চীন সীমান্তৰ টাকচিংত ৯ বছৰে তাই ক্ৰীতদাসৰ জীৱন কটাবলগীয়া হোৱাৰ কথা বিবৰি কৈছিল যুৱতী গৰাকীয়ে। প্ৰথমে অপহূত হোৱা ধাৰণা কৰা হৈছিল যুৱতীগৰাকী। পিছে যুৱতীগৰাকীক উদ্ধাৰৰ বাবে এচাম সচেতন লোকে আৰক্ষীৰ সহায়ত চলোৱা নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত এইজনী ছোৱালী উদ্ধাৰ হ’ল যদিও এতিয়াও অসমৰ অসংখ্য কিশোৰ-কিশোৰী, যুৱক-যুৱতীয়ে চুবুৰীয়া ৰাজ্যখনৰ দুৰ্গম এলেকাত ক্ৰীতদাসৰ দুৰ্বিঃসহ জীৱন পাৰ কৰিবলগীয়া হৈছে।

চীনৰ সীমান্তৱৰ্তী দুৰ্গম এলেকালৈ এবাৰ লৈ যোৱাৰ পিছত কোনো ক্ৰীতদাস তাৰ পৰা আৰু ওলাই অহাটো আৰু সম্ভৱ নহয়। এওঁলোকক ঘৰুৱা কামকাজত ব্যৱহাৰ কৰাৰ লগতে পাহাৰৰ ঝুম খেতিত কাম কৰিবলৈ দিয়াৰ উপৰি সেনাৰ শিৱিৰলৈ ৰচদ কঢ়িওৱাৰ কামটো ব্যৱহাৰ কৰা হয়। সীমান্তত সেনা বাহিনীৰ বাংকাৰ নিৰ্মাণৰ ঠিকা লোৱা সকলৰ সা-সামগ্ৰী সৰবৰাহৰ দায়িত্বও পৰে এওঁলোকৰ ওপৰত। সেয়ে অসমৰ পৰা সৰবৰাহ কৰি নিয়া এইসকল কেনেবাকৈ তাৰ পৰা পলাই ঘৰলৈ ঘূৰি অহাটো সম্ভৱ নহয়। এনে পৰিস্থিতিত নিৰ্মম শাৰিৰীক অত্যাচাৰেই নহয়, যৌন নিৰ্যাতনৰো সন্মুখিন হ’বলগীয়া হয় যুৱতীসকল।

শুনিবলৈ আচৰিত হ’লেও অতি চাঞ্চল্যকৰ খবৰ এয়ে যে, অসমৰ পৰা নি এইসকল যুৱতী-কিশোৰীক যোগান ধৰা দালালে কিশোৰীৰ বাবে ৬ হাজাৰ, যুৱকৰ বাবে ১৭ৰ পৰা ২০ হাজাৰ টকাকৈ লাভ কৰে। তথাপিও এটাও টকা কিন্তু ক্ৰীতদাসসকলে লাভ নকৰে। তেওঁলোকক কেৱল খাবলৈ ভাত বা ৰুটি, এন্দুৰৰ টৰ্কাৰি আৰু পিন্ধিবলৈ সামান্য কাপোৰ দিয়া হয়। মৰ্মান্তিক কথা এয়ে যে, কিশোৰ-কিশোৰীৰ পৰা যৌৱনলৈ ১০ৰ পৰা ১৫ বছৰ পৰ্যন্ত তাত কাম কৰিব লগা হোৱা দুৰ্ভগীয়া যুৱক-যুৱতীসকলক ২-৩ বাৰকৈ বিক্ৰী কৰা হয়। বিহালীৰ যুৱতীগৰাকীক বাবুল লোহাৰ নামৰ লোকজনে বিউটি পাৰ্লাৰত কাম শিকিবলৈ নিয়াৰ কথা কৈ দাপৰিজোৰ এটা অৰুণাচলী পৰিয়ালৰ ওচৰত বিক্ৰী কৰিছিল। কিছুদিন এই পৰিয়ালটোৰ ঘৰত বনকৰা ৰূপে থকা ৭ বছৰীয়া কিশোৰী গৰাকীক পৰৱৰ্তী সময়ত বিক্ৰী কৰি দিয়া হৈছিল টাকচিঙৰ তাজিত নামৰ লোকজনক।

ঘৰোৱা কাম কৰাৰ লগতে খৰালি কালছোৱাত সীমান্তৱৰ্তী সেনাৰ শিৱিৰলৈ সামগ্ৰী কঢ়িওৱা কামত লগোৱা হৈছিল পূজাক। দুৰ্গম পাহাৰীয়া পথেৰে পুৱা ৫ বজাতে সেনা শিৱিৰৰ সামগ্ৰীৰ বোজা পিঠিত লৈ তেওঁৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা অসমৰ বহু আন যুৱক-যুৱতীয়েও এনেদৰে সামগ্ৰী কঢ়িয়াই লৈ গৈছিল। এনেদৰে সামগ্ৰী কঢ়িয়াই নিওতেই পিছে পিছে গৈ থকা আন এক ক্ৰীতদাস ধেমাজিৰ ৰাজীৱ গগৈৰ সৈতে পৰিচয় হৈছিল পূজাৰ। আৰু আনে নেদেখাকৈ ঘৰৰ ঠিকনা ৰাজীৱক জনাই যেনেতেনে তাইক উদ্ধাৰ কৰাৰ কথা কৈছিল। কিছুদিন পিছত কিবা প্ৰকাৰে পলাই অহা ৰাজীৱ গগৈ অসমত উপস্থিত হৈয়েই তাত টাকচিঙত ক্ৰীতদাসৰূপে কাম কৰি থকা লৰা ছোৱালীৰ বিষয়ে অসম আৰক্ষীক জনাইছিল যদিও বৰ্তমানলৈকে কেৱল পূজাকহে বিশ্বনাথৰ আৰক্ষীয়ে আন কিছুু সংগঠনৰ হেঁচাত উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয়।

যুৱতীগৰাকীয়ে লগতে কয় যে, কেৱল টাকচিঙতে এতিয়াও ৫০ৰোধিক অসমীয়া লৰা ছোৱালীয়ে কাম কৰি আছে। ধেমাজিৰ আৰক্ষীও দীৰ্ঘদিনৰ পৰাই এই বিষয়ে অৱগত যে, লখিমপুৰ, ধেমাজি, শোণিতপুৰ, মাজুলীৰ বৃহৎ সংখ্যক লৰা ছোৱালী অৰুণাচলৰ চীন সীমান্তৱৰ্তী দুৰ্গম এলেকাৰ প্ৰতিপত্তিশালী বিষয়া, ব্যৱসায়ী, ঠিকাদাৰৰ ঘৰ আৰু কৰ্মস্থলীৰ দাস হিচাপে কাম কৰি থাকিব লগাত পৰিছে। ২০ হেজাৰত কিশোৰী যুৱতী হ’লেই ১ লাখত বিক্ৰীও হয়। তেনেদৰে কিশোৰৰ পৰা যুৱক হোৱা সকলৰো দাম বাঢ়ে। অৰুণাচলৰ এই অঞ্চলবোৰত গৰুৰ ছাগলীৰ দৰে মানুহৰ কিনা বেচা চলে। অৰুণাচলৰ চৰকাৰেই নহয়, অসমৰ চৰকাৰ তথা আৰক্ষী বাহিনী এইবিষয়ে বাৰুকৈয়ে অৱগত কিন্তু এইসকল অসমৰ লখিমীক উদ্ধাৰৰ প্ৰচেষ্টাহে নচলাই অষ্টলক্ষীৰ কথা কোৱা অথবা মহিলা, কিশোৰ-কিশোৰীৰ সৱলীকৰণৰ কথা কোৱা নিৰ্লজ চৰকাৰে।

Courtesy: asomiyapratidin

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.