নলবাৰী বাহঁজানীত বিদ্যুতৰ খুটা উভাৰি স্কুলীয়া ছাত্ৰী কথমপি অঘটনৰ পৰা ৰক্ষা

নলবাৰী বাহঁজানীত বিদ্যুতৰ খুটা উভাৰি স্কুলীয়া ছাত্ৰী কথমপি অঘটনৰ পৰা ৰক্ষা

নলবাৰী জিলাৰ বাহঁজানীত আজি ৰাতিপুৱা ভাগত পথৰ ওপৰতে বিদ্যুৎৰ খুটা এটা উভালি পৰি এগৰাকী ছাত্ৰী গুৰুতকৈ আহত হয় ৷ ছাত্ৰী গৰাকী চাইকেলেৰে ঘৰৰ পৰা স্কুলত গৈ থকা সময়তে এই অঘটনটো সংঘটিত হয়। ঘটনাৰ বিৱৰণি মতে, জিলা্খনৰ বাহঁজানীৰ মিলন চ’কৰ পথৰ দাঁতিত থকা বিদ্যুত পকী খুটাটো অকস্মাতে উভালি পৰাৰ ফলত নিজ বাহঁজানীৰ গোপাল থান হাইস্কুলত দশম শ্ৰেণীত পঢ়ি থকা ছয়নিকা তালুকদাৰে ছয়মাহিলী পৰিক্ষা দিবলৈ নিজৰ চাইকেল খনেৰে স্কুললৈ গৈ থকাত ছাত্ৰী গৰাকীৰ ওপৰতে বিদ্যুতৰ খুটাটো বাগৰি পৰে ৷ ছাত্ৰী গৰাকী বাগৰি পৰাৰ লগতে ছাতি আৰু চাইকেল খন সম্পূৰ্ণ ৰূপে চেপেটা হোৱাৰ উপৰি ছাত্ৰী গৰাকীও গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় । পিছত তততৈয়াকৈ আহত ছাত্ৰী গৰাকীৰ পৰিচয় বিচৰাত নিজ বাহঁজানী গাওঁৰ বেজপাৰা চুবুৰীৰ কন্দৰ্প তালুকদাৰৰ কন্যা বুলি জনা যায় ৷ স্থানীয় প্ৰত্যক্ষদৰ্শী লোকসকলে জনোৱা মতে ছাত্ৰী গৰাকীৰ মুৰ বা গাত প্ৰত্যক্ষভৱে লগা নাই বাবে ছাত্ৰী গৰাকী ৰক্ষা পৰে ৷ পিচত আহত ছাত্ৰী গৰাকীক চিকিৎসাললৈ প্ৰেৰন কৰে ৷ বিদ্যুতৰ খুটাটো বাগৰি পৰাৰ আগলৈকে আৰু বহুতো লোক সেই ঠাই খিনিত জুম বান্ধি আছিল। উল্লেখ্য যে অঞ্চলটোত আজি ৰাতিপুৱাৰ নেৰা নেপেৰা হৈ থকা বতাহ বৰষুনৰ ফলত অঞ্চল টোৰ ক্ষতিসাধন হোৱাৰ উপৰিও অঞ্চলটোৰ বহু ৰবি শস্যৰো বিস্তৰ ক্ষতিসাধন হয়। ইয়াৰ উপৰি বৰ্তমানলৈকে বিদ্যুত যোগান ব্যাহত হৈ আছে অাৰু বিদ্যুতৰ খূটাসমুহ ভাঙি পৰা তথা গছ পৰি বিদ্যুতৰ তাঁৰ ছিঙি যোৱাৰ ফলত অাগন্তুক বহু ঘণ্টালৈ ঠায়ে ঠায়ে বিদ্যুত যোগান ব্যাহত হৈ থাকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে, অঞ্চল টোত বিদ্যুৎ সেৱা ব্যাহত হৈ থকা ঘটনা সন্দৰ্ভত ভুক্তভোগী ৰাইজে সংশ্লিষ্ট নলবাৰী বিদ্যুৎ সংমণ্ডলক অৱগত কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষই তথা কৰ্মচাৰীসকলে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে, শেহতীয়াকৈ উচ্চহাৰত জধে মধে বিদ্যুতৰ বিল প্ৰেৰণ কৰি গ্ৰাহক ৰাইজক নগুৰ নাকতি কৰি থকা নলবাৰী বিদ্যুৎ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীক অতি শীঘ্ৰে খুটাতো স্থাপনৰ ব্যৱস্থা কৰি বিদ্যুৎ যোগান ধৰিবলৈ দাবী জনাইছে অঞ্চল বাসীয়ে।নামনি অসম বিদ্যুত বিতৰণ কোম্পানীৰ নলবাৰী সংমণ্ডল আৰু উপ সংমণ্ডলৰ বিষয়া, কৰ্মচাৰী আৰু স্থানীয় বিদ্যুত কেন্দ্ৰৰ চৰম গাফিলতিত এগৰাকী ছাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰা ঘটনাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
মিলনবজাৰত বিদ্যুত পৰিবাহী তাৰঁ সংস্থাপনৰ বাবে থকা খুটা এটা হঠাৎ হালি পৰে। অভিযোগ অনুসৰি খুটাতো যি হাৰত দকৈ পুটিব লাগিছিল পুটা হোৱা নাই ৷ অৱশ্যে সেই সময়ত বিজুলী প্ৰবাহ হৈ নথকাত আন অঘটন নহল । জিলাখনৰ বিভিন্ন প্ৰান্তত বিদ্যুত বিভাগৰ হেমাহিৰ বাবে নানা অঘটন ঘটি থকাৰ পিছতো বিভাগটোই চকু মুদি থকাহে দেখা যায়। নলবাৰী বিদ্যুত সংমণ্ডল আৰু উপ সংমণ্ডল দুইৰ অধীনৰ বিষয়া দুগৰাকীৰ অকৰ্মণ্যতা আৰু এচাম কৰ্মচাৰীৰ গাফিলতিত ৰাইজে বিজুলীৰ বাবে জ্বলা কলা খব লগা হোৱাৰ লগতে ৰাইজৰ কত কেতিয়া অঘটন ঘটে তাৰো ঠিক নোহোৱা হৈছে বুলি অভিযোগ উঠিছে। বিদ্যুত বিভাগৰ এনে হেমাহিৰ দিশত নলবাৰী জিলা প্ৰশাসনক ব্যৱস্থা লবলৈ ৰাইজে আহ্বান জনাইছে ।

StaffReport GTM

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.