নিশা ঘৰলৈ গৈ থকা অৱস্থাত বন্যহস্তীৰ আক্ৰমণ, গোৱালপাৰাত নিহত যুৱক

1 min read

গোৱালপাৰাত বন্যহস্তীৰ সন্ত্ৰাস ৷ বন্যহস্তীৰ আক্ৰমণত মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ফটৰীপাৰাৰ উৰাংপাৰা গাঁৱৰ এগৰাকী যুৱক নিহত হয়। বন্যহস্তীয়ে লগতে লণ্ডভণ্ড কৰে এটি পৰিয়ালৰ বাসগৃহ ৷

হাতীৰ আক্ৰমণত নিহত যুৱকজনৰ নাম কমলেশ্বৰ খাৰীয়া (৩৫)৷ জানিব পৰা মতে, নিশা ১১ মান বজাত এটা প্ৰকাণ্ড বন্যহস্তীয়ে খাদ্যৰ সন্ধানত গাঁওখনত প্ৰৱেশ কৰে আৰু এগৰাকী পৰিয়ালৰ কেইবাটাও বাসগৃহ লণ্ডভণ্ড কৰে ৷

ইয়াৰ পাছতে নিশা পথেদি ঘৰলৈ গৈ থকা সময়তে কমলেশ্বৰ খাৰীয়া নামৰ যুৱকজনক আক্ৰমণ কৰে ফলত গুৰুতৰভাৱে আহত হয় ৷ স্থানীয় ৰাইজে যুৱকজনক উদ্ধাৰ কৰি অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আদবাটতে মৃত্যুমুখত পৰে যুৱকজন ৷

ঘটনাস্থলীত নিশাই আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হয় ৷ সম্প্ৰতি গোৱালপাৰাত বন্যহস্তীৰ সন্ত্ৰাসে নিদ্ৰাহৰণ কৰিছে সৰ্বসাধাৰণ ৰাইজৰ ৷

Source- Niyomiabarta

You May Also Like

More From Author