উত্তৰমেৰুত প্রথমবাৰৰ বাবে মহাকাশ ধুমুহাৰ সন্ধান

উত্তৰমেৰুত প্রথমবাৰৰ বাবে মহাকাশ ধুমুহাৰ সন্ধান

প্রথমবাৰৰ বাবে বিজ্ঞানীয়ে পৃথিৱীৰ উত্তৰ মেৰুত মহাকাশ ধুমুহাৰ সন্ধান লাভ কৰিলে৷ পৃথিৱীৰ উচ্চ বায়ুমণ্ডলত বিজ্ঞানীৰ দলটোৱে আৱিষ্কাৰ কৰা মহাকাশ ঘূর্ণি ৮ ঘণ্টা ধৰি চলিছিল৷

আমেৰিকা যুক্তৰাষ্ট্র, চীন, নৰৱে আৰু গ্রেট ব্রিটেইনৰ গৱেষকৰ দল এটাই ব্যৱহাৰ কৰা চাৰিটা নিৰীক্ষণ কৃত্রিম উপগ্রহ ডিএমএছপি (ডিফেন্স মেটৰ’জিকেল ছেটেলাইট প্র’গ্রেম) আৰু থ্রি ডি মেগনেট’স্ফেয়াৰ মডেলিঙৰ জৰিয়তে মহাকাশ ধুমুহাৰ আলোকচিত্র সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷

উত্তৰ মেৰুত গৱেষক–বিজ্ঞানীসক মহাকাশ ধুমুহাৰ সন্ধান লাভ কৰাটোৱে মহাকাশ বিজ্ঞানক আন এক গতি দিব বুলি বিশ্বৰ বিজ্ঞানীসকলে মত ব্যক্ত কৰিছে৷ তাৎপর্যপূর্ণ যে মহাকাশ ধুমুহাৰ ব্যাস প্রায় এক হাজাৰ কিলোমিটাৰ (৬২১ মাইল)লৈকে সম্প্রসাৰিত হৈছিল৷

ঘড়ীৰ বিপৰীত দিশে এই ধুমুহাৰ গতি আছিল প্রতি ছেকেণ্ডত ২১ মিটাৰ (প্রতি ছেকেণ্ডত ৬৯০০ ফুট)৷ নতুনকৈ সন্ধান লাভ কৰা এই মহাকাশ ধুমুহাই ভৱিষ্যতে মহাকাশৰ বতৰৰ প্রভাৱ সন্দর্ভত বিজ্ঞানীসকলে অধিক তথ্য সংগ্রহ কৰিবলৈ সক্ষম হ’ব বুলি ছেনডং বিশ্ববিদ্যালয়ৰ গৱেষক অধ্যাপক কিং হে ঝাঙে প্রকাশ কৰিছে৷

এই মহাকাশ ধুমুহাৰ সন্ধানে কৃত্রিম উপগ্রহৰ ক্ষেত্রত হোৱা বিসংগতি বা ৰেডিঅ’ যোগাযোগ, ৰাডাৰৰ স্থিতিৰ লগতে কৃত্রিম উপগ্রহৰ গতি আৰু যোগাযোগ ব্যৱস্থা অধিক উন্নীত কৰাৰ ক্ষেত্রত বিজ্ঞানীসকলক সহায় কৰিব বুলিও ঝাঙে প্রকাশ কৰিছে৷

Source- Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related