নৱম ইলোৰা – অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাৰ পূৰ্ণদৈৰ্ঘৰ অসমীয়া মননশীল চিনেমা “নেলীৰ কথা

নৱম ইলোৰা – অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাৰ পূৰ্ণদৈৰ্ঘৰ  অসমীয়া মননশীল চিনেমা “নেলীৰ কথা

নৱম ইলোৰা – অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাৰ পূৰ্ণদৈৰ্ঘৰ অসমীয়া মননশীল চিনেমা “নেলীৰ কথা” প্ৰতিযোগিতা শাখালৈ নিৰ্বাচন হৈছে। এই চলচ্চিত্ৰ মহোৎসৱ অহা জানুৱাৰী মাহৰ ৩ তাৰিখৰ পৰা ৭ জানুৱাৰীলৈ ঔৰাৎগবাদত অনুষ্ঠিত হ’ব। পৰিচালক পাৰ্থজিৎ বৰুৱাই এই সফলতা অলপতে মৃত্যুক সাৱটিলোৱা নেলীৰ কথা”ৰ সংগীত পৰিচালক ডেনিয়েল ইংতি আৰু এই চিনেমাখনতেই অভিনয় কৰা মুকুট চন্দ্ৰ ভূঞাৰ নামত উৎসৰ্গা কৰিছে। ডিচেম্বৰ ৮ তাৰিখে সমগ্ৰ অসমতে মুক্তি পাবলগীয়া এই চিনেমাখনে ইতিমধ্যে গ্ৰীচৰ ৬৪তম থেছালনিকী আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ মাৰ্কেটিং বিভাগলৈ আমন্ত্ৰণ লাভ কৰিছে।নেলীৰ গণহত্যাক মূল বিষয় হিচাপে লৈ সংবেদনশীলতাৰে “নেলীৰ কথা” চিনেমাখন নিৰ্মাণ কৰিছে।

GTM Desk