নৱেম্বৰত সমাধান হ’ব বেতনবঞ্চিত শিক্ষকৰ সমস্যা, ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অসম চৰকাৰৰ বিত্ত , স্বাস্থ্য  শিক্ষা তথা গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নাজিৰাত উপস্থিত হৈ সমষ্টিটোৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে পুৱাই শিমলুগুৰিস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া উদ্যানৰ প্ৰতিমূৰ্তিত সেৱা জনাই মাল্যৰ্পণ কৰে।

বহুকেইটা পথৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। পথকেইটাৰ কাম সোমবাৰৰ পৰা আৰম্ভ হ’ব আৰু নিৰ্বাচনৰ আগত সম্পূৰ্ণ হ’ব বুলি প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই। লগতে মন্ত্ৰীগৰাকীয়ে বেতনবঞ্চিত শিক্ষকসকলৰ সমস্যা অহা নৱেম্বৰ মাহত সমাধান হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে৷

GTM Desk