পঞ্চায়ত নিৰ্বাচনত পাৰ্টিৰ পৰিৱৰ্তে প্ৰাৰ্থী চাই ভোট দিয়াৰ আহ্বান আছুৰ সভাপতি-সম্পাদকৰ ।

পঞ্চায়ত নিৰ্বাচনত পাৰ্টিৰ পৰিৱৰ্তে প্ৰাৰ্থী চাই ভোট দিয়াৰ আহ্বান আছুৰ সভাপতি-সম্পাদকৰ ।

 

আগন্তুক পঞ্চায়ত নিৰ্বাচনত পাৰ্টিৰ পৰিৱৰ্তে প্ৰাৰ্থী চাই জনসাধাৰণক ভোট দিয়াৰ আহ্বান জনালে আছুৰ সভাপতি দীপাঙ্ক কুমাৰ নাথ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ নগাঁৱৰ পাঠৰিত অনুষ্ঠিত হোৱা নগাঁও জিলা ছাত্ৰ সন্থাৰ ২৩ তম আন্তঃপাঠৰি অধিবেশনৰ মুকলি সভাত অংশগ্ৰহন কৰি এই আহ্বান জনালে ছাত্ৰ নেতা দুগৰাকীয়ে । ভাষণ প্ৰসংগত আছুৰ সভাপতি-সম্পাদক দুগৰাকীয়ে কয় যে , ৰাইজে উপযুক্ত প্ৰাৰ্থীক নিৰ্বাচিত কৰিলেহে পঞ্চায়তৰ উন্নতি হব ৷ বিগত দিনত জাতিবিৰোধী কাৰ্যত জড়িত সকলৰ বাবে আমি সজাগ হ’ব লাগিব ৷ নাগৰিকত্ব সংশোধনী বিলে গণতন্ত্ৰৰ পৰম্পৰাৰ পৰিপন্থী কাম কৰিছে ৷ ধৰ্ম নিৰপেক্ষতা বিঘ্নিত কৰিছে ৷ বহু ৰাজনৈতিক দলে বোকা ছটিওৱা ৰাজনীতি কৰিছে কিন্তু ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰাৰ ব্যৱস্থা কৰা নাই ৷ BJP আৰু কিছু ৰাজনৈতিক দলে বিধেয়ক জাপি দি যি জাতিধ্বংসী কাৰ্যত লিপ্ত হ’ল সেই বাবে কেৱল নিকা চৰিত্ৰৰ প্ৰাৰ্থীকহে নিৰ্বাচিত কৰিব লাগে ৷ মহাত্মা গান্ধীৰ সপোনৰ পঞ্চায়তীৰাজ ব্যৱস্থাত কোনো ৰাজনীতি নাছিল কিন্ত আজিৰ একাংশই ক্ষমতাৰ মোহত ইয়াক ৰাজনীতিকৰণ কৰিছে ।

নগাঁৱৰ পৰা আদিল শ্বাহ গুৱাহাটী টাইমচ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.