পথ দুৰ্ঘটনাত প্রাক্তন ছাত্র নেতা ,কনিষ্ঠ অভিযন্তা অপূৰ্ব কুমাৰ শৰ্মা বৰুৱাৰ মৃত্যুঃ মঙলদৈত শোকৰ ছাঁ

পথ দুৰ্ঘটনাত প্রাক্তন ছাত্র নেতা ,কনিষ্ঠ অভিযন্তা অপূৰ্ব কুমাৰ শৰ্মা বৰুৱাৰ মৃত্যুঃ মঙলদৈত শোকৰ ছাঁ

মঙলদৈৰ পৰা মকছেদ আলিৰ ৰিপৰ্ট, ২৪ জুন ঃ প্রাক্তন ছাত্র নেতা তথা মঙলদৈ গড়কাপ্টানি গ্রাম্য পথ সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা অপূৰ্ব কুমৰ শৰ্মা বৰুৱা(৫৭)ই নিজা এ,এচ ০১ ডি এম ২৬৩৯ নম্বৰৰ ওৱেগনাৰ গাড়ীখনেৰে আজি মঙলদৈৰ পৰা গুৱাহাটীলৈ বুলি গৈ থকাৰ পথত বাইহাটা চাৰিআলিৰ সমীপত এখন ট্ৰাকৰ লগত মুখা মুখীকৈ খুন্দা মৰাত ঠিতাটেই অভিযন্তা জনৰ মৃত্যু হোৱাৰ লগতে তেওঁৰ লগত যোৱা পৰিবাৰ মধুস্মিতা দেৱী গুৰুতৰ ভাৱে আঘাতপ্রাপ্ত হয়৷মৃত শৰ্মা বৰুৱা আৰু পত্নী দুয়োকে আমিনগাওঁস্থিত নাৰায়ণা হাস্পতাললৈ প্রেৰণ কৰে।চিকিৎসকে পৰীক্ষা নিৰীক্ষাৰ অন্তত আঘাতপ্রাপ্ত মহিলা গৰাকী বিপদমুক্ত বুলি জানিবলৈ দিয়ে।তোলাৰাম বাফনা চিকিৎসালয় কর্তৃপক্ষই যাৱতীয় কার্য সম্পাদন কৰাৰ অন্তত মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰে । ৷ঘটনাৰ খবৰ পোৱা মাত্ৰকে নিজ ঘৰ আউলাচৌকা আৰু মঙলদৈত তেওঁৰ কাৰ্যালয় ৰ লগতে কৰ্মসূত্রে থকা বৰুৱা পাৰাত শোকৰ ছাঁ পৰে ৷উল্লেখ্য যে মঙলদৈৰ নিকটৱৰ্তী আউলাচৌকাত জন্ম গ্রহন কৰা অপূৰ্ব শৰ্মা বৰুৱা পিতৃ নবীন শৰ্মা বৰুৱা আৰু মাতৃ শ্ৰী নয়ন তৰা দেৱীৰ জেষ্ঠ্য পুত্ৰ ৷কৰ্মসূত্ৰে মঙলদৈত থাকিবলৈ লোৱা মৃত শৰ্মা আছিল অসম আন্দোলনৰ এগৰাকী অক্লান্ত কৰ্মী |মঙলদৈ মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ প্রাক্তন চাৰুকলা বিভাগৰ সম্পাদক শৰ্মা বৰুৱা পিচলৈ আছুৰ সৈতে সক্ৰিয় ভাবে জৰিত হৈ সমাজৰ বিভিন্ন ক্ষেত্রটো আগ ভাগ লৈছিল |
তেখেত আউলাচৌকা ৰ ইউনাইটেড ক্লাৱৰ প্ৰাক্তন সম্পাদক লগতে কিছুদিনৰ বাবে পশ্চিম ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়তো শিক্ষকতা কৰিছিল ৷তেখেতৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত গড়কাপ্তানি পথ উপসংমণ্ডলৰ পৰিদর্শন বঙলাৰ প্রাঙ্গণত আৰু মঙলদৈ গ্রাম্যপথ সংমণ্ডলৰ প্রাঙ্গণত ৰাজহুৱাকৈ মৃতকৰ প্রতি শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।তেখেতৰ মৃত্যুত ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, মঙলদৈ গড়কাপ্তানি পথ সংমণ্ডলৰ কার্যবাহী অভিযন্তা দীপক বৈশ্য ,ৰাজ্যিক সংমণ্ডলৰ কার্যবাহী অভিযন্তা বিজয় ভূষণ শ্ইকীয়া, সহকার্যবাহী অভিযন্তা ভাস্কৰ চহৰীয়া ভূপেন্দ্র মালাকাৰ, চৰিফুল হুছেইন,অসম সাহিত্য সভাৰ মুখপাত্র চহিৰ ভূঞা, শাখা বিষয়া অচ্যুত নাথ, আব্দুল হামিদ, খলিলুৰ ৰহমান, গুৰুচৰণ বর্মন ছিপাঝাৰ মণ্ডল বিজেপি, ঐক্যতান, জিলা আপকুৰ সম্পাদক মকছেদ আলি,বৃহত্বৰ অসমীয়া যুৱ মঞ্চকে ধৰি প্রায় কুৰিতাৰো অধিক সংগঠনে শেষ শদ্ধা জ্ঞাপন কৰে |ইপিনে শিশু মহীয়ান তথা সাহিত্যিক পেঞ্চনাৰ জীতেন ভাগৱতী ,ইউনাইটেড ক্লাৱৰ সভাপতি ভবেন্দ্ৰনাথ সম্পাদক কুশল শৰ্মা আৰু ক্লাবৰ সদস্য সকল ,আউলাচৌকা বনিক সন্হা আপকুৰ দৰং জিলা সমিতি ,সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ ,দৰং জিলা সমিতিৰ সভাপতি বিশিষ্ঠ কবি আনোৱাৰ হুছেইন, মঙলদৈ ৰপৰা প্ৰকাশিত পষেকীয়া বাৰ্তা পৰিক্ৰমাৰ সম্পাদক অশ্বিনীকুমাৰ শৰ্মা ,সদৌ দৰং জিলা ছাত্র সন্থাৰ সভাপতি খনিন্দ্র ৰাজবংশী,সম্পাদক পৰাগ চহৰীয়া আৰু বিভিন্ন শুভাকাংশীয়ে তেখেতৰ এই আকস্মিক মৃত্যুত
শোক প্রকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাই ৷মৃত্যুৰ সময়ত তেখেতে দুগৰাকী কন্যা এৰি থৈ যায় ৷

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.