প্ৰচণ্ড ভূমিকম্পত ধ্বংসস্তূপলৈ পৰিণত হ’ল এখন চহৰ!

প্ৰচণ্ড ভূমিকম্পত ধ্বংসস্তূপলৈ পৰিণত হ’ল এখন চহৰ!

ডিজিটেল ডেস্কঃ আলবেনিয়াত মঙলবাৰে পুৱতি নিশা অহা তিনিটাকৈ প্ৰচণ্ড ভুঁইকপত নিহতৰ সংখ্যা বৰ্তমানলৈকে ২২ জনলৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰখনৰ ডেকাডেছৰ বালকন নেশ্যনৰ লগতে ডুৰাছে আৰু থুমানেত পুৱতি নিশা অনুভূত হোৱা প্ৰচণ্ড জোকাৰণিত কেইবাটাও অট্টালিকা ধ্বংসস্তূপত পৰিণত হয়। যাৰ ফলত কমেও ৬০০ জন লোক আহত হোৱা বুলি আলবেনিয়াৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ইফালে এই মুহূৰ্তলৈকে সন্ধানহীন হৈ আছে প্ৰায় অৰ্ধশতাধিক লোক।

ইউএছ জিঅ’লজিকেল চাৰ্ভেয়ে প্ৰকাশ কৰা মতে প্ৰথম ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৬.৫। তাৰ পিছত অহা আন দুটা ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৪ আৰু ৪.১ মেগনিটিউড। ভূমিকম্পকেইটাৰ মূল অভিকেন্দ্ৰ চিজাকৰ উত্তাৰঞ্চলৰ ডুৰেছৰ পৰা ১০ কিলোমিটাৰ নিলগত বুলি জানিব পৰা গৈছে।

(ASOMIYA PRATIDIN).

Desk Editor