প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান, GMCHত শেষ নিশ্বাস ত্যাগ

প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান, GMCHত শেষ নিশ্বাস ত্যাগ

প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান। আজি পুৱা ৭.০৮ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত অন্তিম নিশ্বাস ত্যাগ কৰে অগপ দলৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। দীৰ্ঘদিন ধৰি মধুমেহ, যকৃৎ, বৃক্ক আৰু হৃদৰোগত আক্ৰান্ত হৈ আছিল বড়ো। মৃত্যুৰ সময়ত থানেশ্বৰ বড়োৰ বয়স হৈছিল ৮৫ বছৰ।

সোমবাৰে অসম চৰকাৰৰ দুই মন্ত্ৰী তথা অগপ দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি অতুল বৰা আৰু কেশৱ মহন্তৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাবে থানেশ্বৰ বড়োক জি এম চি এইচলৈ স্থানান্তৰ কৰা হৈছিল। ৰঙিয়াৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ আনি চিকিৎসা প্ৰদান কৰা হৈছিল প্ৰাক্তন মন্ত্ৰীগৰাকীক।

বিগত কেইবাদিনো ধৰি খাদ্যগ্ৰহণ কৰাৰ ক্ষেত্ৰত অসুবিধা হোৱাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল বড়োক। দেহৰ বিভিন্ন অংশত পানী জমা হোৱাৰ কথা চিকিৎসকে জানিবলৈ দিছিল। অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা আৰু ৰাজহ বিভাগৰ মন্ত্ৰী হোৱাৰ উপৰি ৩ বাৰকৈ ৰঙিয়া সমষ্টিৰ বিধায়ক আছিল বড়ো। অগপ চৰকাৰৰ প্ৰথমটো কাৰ্যকালত তেওঁ ৰাজহ মন্ত্ৰী হোৱাৰ লগতে পৰৱৰ্তী সময়ত দুবাৰকৈ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

GTM Desk