বিস্ফোৰণত কপিঁ উঠিল ইন্টাৰচিটি এক্সপ্ৰেছ।

বিস্ফোৰণত কপিঁ উঠিল ইন্টাৰচিটি এক্সপ্ৰেছ।

ওদালগুৰি জিলাৰ হৰিশিঙা থানাৰ অন্তৰ্গত কঠালগুৰিত ইন্টাৰচিটি এক্সপ্ৰেছত বিস্ফোৰণ হয় গ্ৰেণেড। ৰঙিয়াৰ পৰা ডেকাৰগাঁওলৈ আহি থকা ইন্টাৰচিটি এক্সপ্ৰেছত সন্ধিয়া প্ৰায় ৭ বাজি ৩০ মিনিটত সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণটো। এই গ্ৰেণেড বিস্ফোৰণত প্ৰায় ১০ জন লোক আহত হয়। এই অমানবীয় বিস্ফোৰণ কাণ্ডৰ লগত কোন জড়িত হৈ আছে সেই কথা এতিয়ালৈ পোহৰলৈ আহা নাই। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ পৰীক্ষা কৰি আছে।

ওদালগুৰিৰ পৰা মিৰাজুল হুছেইনৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam