মঙলদৈত প্ৰথম বাৰৰ বাবে মহিলা বজাৰৰ শুভাৰম্ভ

মঙলদৈত প্ৰথম বাৰৰ বাবে মহিলা বজাৰৰ শুভাৰম্ভ

মঙলদৈ, ৬ জুলাই :

অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ উদ্যোগত আৰু মঙলদৈ পৌৰ সভাৰ সহযোগত আজি মহিলা বজাৰ খন উন্মোচন হল মঙ্গলদৈ চহৰৰ মাজ মজিয়াৰ বৰপুখুৰীপাৰত । প্ৰতি শনিবাৰে অনুষ্ঠিত হব লগা বজাৰৰ শুভ উদ্বোধন কৰে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে । বিধায়ক দাসৰ প্ৰচেষ্টাত পোন প্ৰথমবাৰৰ বাবে মঙ্গলদৈ চহৰত উন্মোচিত সাপ্তাহিক বজাৰ খন অকল মহিলাৰ বাবেই অনুষ্ঠিত হল । এই অভিযানৰ প্ৰকল্প প্ৰবন্ধক মানস দাসে জানিবলৈ দিয়ে যে এই বজাৰ খনত নাথাকিব কোনো পুৰুষ ব্যৱসায়ী। গ্ৰাহক হিচাপে পুৰুষ মহিলা সকলোৱেই যাব পাৰিব বজাৰ খনত। মঙ্গলদৈ চহৰৰ মাজ মজিয়াত মহিলা সকলে এনে এখন বজাৰ পাই খুবেই আনন্দিত। কিয়নো বহু আত্ম সহায়ক গোটে বহু সামগ্রী উৎপাদন কৰি বিক্ৰীৰ বাবে পোৱা নাছিল এখন বজাৰ। যাৰ বাবে সময়ত সমস্যাৰ সন্মুখীন হব লগীয়া হৈছিল গোট সমূহে। এই বজাৰ খনৰ খবৰ পাই

প্ৰথম দিনাই প্ৰায় দুশ মহিলা আত্ম সহায়ক গোটে অসমীয়া সাজ পাৰ, থলুৱা খাদ্যকে ধৰি বিভিন্ন সামগ্ৰীৰে উপচাই পেলাই বজাৰ খন । বজাৰত প্ৰথম গ্ৰাহক হিচাবে বিধায়ক গৰাকীয়ে কেইবা বিধো বস্তু ক্ৰয় কৰে ।

মকছেদ আলি মঙলদৈ |

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.