মহিলাৰূপী ‘ছালু’ৱে ক’ব পাৰে ৩৮টা আঞ্চলিক ভাষা, পঢ়িব পাৰে বাতৰিকাকত

মহিলাৰূপী ‘ছালু’ৱে ক’ব পাৰে ৩৮টা আঞ্চলিক ভাষা, পঢ়িব পাৰে বাতৰিকাকত

ছালুৱে হাঁহিব পাৰে, খং কৰিব পাৰে, আনক হাঁহিৰে আদৰণি জনাব পাৰে, তেনেদৰে বাতৰিকাকত পঢ়িব পাৰে আৰু অনেক কার্যকলাপত জড়িত হ’ব পাৰে৷ ছালু কোনো প্রাণী নহয়, আনকি মানুহো নহয়৷ মানুহ হ’লে এনেবোৰ কার্য নিত্য নৈমিত্তিক৷ কিন্তু ছালুৰ কার্য প্রায় আশ্চর্যজনকৰ শাৰীতে পৰিব৷ কিয়নো ছালু হৈছে প্লাষ্টাৰ অৱ পেৰিছেৰে তৈয়াৰী এটা ৰবট৷ অর্থাৎ হিউমেনয়ড৷ সেই হিউমেনয়ডটো বিকশিত কৰিছে মুম্বাইৰ কেন্দ্রীয় বিদ্যালয়ৰ দীনেশ পেটেল নামৰ এগৰাকী শিক্ষকে৷

দক্ষিণাত্যৰ মেগাষ্টাৰ ৰজনীকান্তৰ জনপ্রিয় ছবি ৰবটৰ আর্হিত দীনেশ পেটেলে প্রস্তুত কৰি উলিয়াইছে হিউমেনয়ড৷ এই হিউমেনয়ড অর্থাৎ ৰবটোৰ নাম ৰখা হৈছে ছালু৷ ৰজনীকান্তৰ ৰবটোৱে যিদৰে মানৱীয় কার্যকলাপ কৰিব পাৰে, ঠিক তেনেদৰে ছালুৱেও সেইবোৰ অনায়াসে কৰিব পাৰে৷ উদ্ভাৱনৰ ভূমি হিচাপে চর্চিত হোৱা ভাৰতত শেহতীয়াভাৱে দীনেশ পেটেল নামৰ শিক্ষকগৰাকীয়ে উদ্ভাৱনা কৰা ছালুৱে ৩৮টা আঞ্চলিক ভাষাত কথা ক’ব পাৰে৷ হিন্দী, মাৰাঠী, ভোজপুৰী, গুজৰাটী, তামিল, তেলুগু, মালয়ালমকে ধৰি ৩৮টা আঞ্চলিক ভাষাত বার্তালাপ কৰিব পাৰে৷ মহিলাৰূপী ছালুৱে হাঁহিব পাৰে, মানুহৰ দৰে খঙকে ধৰি আন আৱেগিক কার্যকলাপ প্রদর্শন কৰিব পাৰে৷

ছালুৰ উদ্ভাৱক দীনেশ পেটেলে প্রকাশ কৰা মতে, বর্জিত সামগ্রী প্লাষ্টিক, কার্ডব’ড, এলুমিনিয়াম, কাঠ আদিৰ দ্বাৰা ছালুক নির্মাণ কৰা হৈছে৷ তিনি বছৰ ধৰি অহোপুৰুষার্থ কৰাৰ অন্তত প্রায় ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে ছালুৱে পূর্ণাংগ ৰূপ পাইছে৷ সাধাৰণ জ্ঞান, গণিত আদিকে ধৰি বিভিন্ন বিষয়ক প্রশ্নবোৰ ছালুৱে অনায়াসে উত্তৰ দিব পাৰে৷ পেটেলে প্রকাশ কৰা মতে, ছালুক বিদ্যালয়ত শিক্ষক অথবা কোম্পানীসমূহে কার্যালয়ত ৰিচিপচনিষ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰিব৷ দীনেশ পেটেলে উদ্ভাৱন কৰা ছালুক লৈ পৰৱর্তী সময়ত আৰু অধিক আশাৰ ৰেঙনি দেখা গৈছে বুলি বোম্বে আই আই টিৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্রিক বিভাগৰ অধ্যাপক সুপ্রতীক চক্রৱর্তীয়ে উল্লেখ কৰি পেটেলৰ উদ্ভাৱনক ভূয়সী প্রশংসা কৰিছে৷
Source-Niyomiyabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.