মৰিয়নিত ছানি লিয়নি vs ৰূপজ্যোতি কুৰ্মী

1 min read

মৰিয়নিত আজি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে বিজেপি প্ৰাৰ্থী ৰমনী তাঁতীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰা পাছতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিনেত্ৰীগৰাকীৰ ভ্ৰমণ সন্দৰ্ভত নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিধায়ক গৰাকীয়ে সাংবাদিকৰ আগত কয়, মৰিয়নিলৈ স্মৃতি ইৰানী আহক হেমা মালিনী, দিপিকা পান্দুকান, প্ৰিয়ংকা চুপ্ৰা, চানি লিয়নি যিয়ে নাহক মোক হৰুৱাব নোৱাৰে”।

বিধায়ক গৰাকীয়ে বাগিছা মহিলা সকলক দেখুৱাই কয় ‘এই সকল মোৰ স্মৃতি ইৰানী।এই  সকল স্মৃতি ইৰানীৰ আশীৰ্বাদত মই চতুৰ্থবাৰৰ বাবে বিপুল ভোটত জয়ী হ’ম”। বিধায়ক গৰাকীয়ে লগতে কয় “আজি  বিজেপিৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ নিৰ্বাচনী সভাত মাত্ৰ পোন্ধৰশ সোতৰশ মানুহ গোট খুৱা কাৰ্যই মৰিয়নিত বিজেপিয়ে যে মুখ ঠেকেচা খাব সেইয়া নিশ্চিত।যদি বিজেপিয়ে মানুহক ইমান সা সুবিধা প্ৰদান কৰিছে তেন্তে হিল দল ভাঙি মানুহ সভালৈ আহিব লাগিছিল।

বিজেপিত মুকলিকৈ চিপৰাং মৰা ৰাজনীতি চলিছে”। কুৰ্মীয়ে কয় যে কামাখ্যা তাচাকে ধৰি বহু বিজেপি নেতা কৰ্মীয়ে ভিতৰুৱাকৈ সহায় কৰাৰ বাবে তেওঁৰ বিজয়ৰ পথ মসৃন হৈ পৰিছে। আনহাতে বিধায়ক গৰাকীয়ে সকলোৰে সহায়ত ১০ হেজাৰো অধিক ভোটত জয়ী হ’ব বুলি প্ৰকাশ কৰে।

You May Also Like

More From Author