মাজুলীৰ পৰা প্ৰকাশ পাব নতুন বাৰ্তালোচনী

মাজুলীৰ পৰা প্ৰকাশ পাব নতুন বাৰ্তালোচনী

মাজুলীৰ এদল উদ্যমী যুৱক যুৱতীৰ প্ৰচেষ্টাত প্ৰস্তুতি চলিছে এখন বাৰ্তালোচনী প্ৰকাশৰ বাবে। অস্তৰাগ নামেৰে অহা মাহত এই বাৰ্তালোচনী খনৰ প্ৰথম সংখ্যা প্ৰকাশ পাব। মাজুলীৰ পৰা নতুন অসমীয়া বাৰ্তালোচনী “অস্তৰাগ” প্ৰকাশৰ দিহা কৰাত মাজুলীৰ সুধী সমাজে প্ৰশংসা কৰিছে উদ্যমী এদল যুৱক যুৱতীক। প্ৰস্তাৱনা সংখ্যাটোৰ বাবে ইতিমধ্যে যথেষ্ট সংখ্যক কবিতা, গল্প আৰু অনুগল্প প্ৰকাশক সমিতিয়ে লাভ কৰিছে বুলি আমাক জানিবলৈ দিছে। তদুপৰি সাম্প্ৰতিক চিন্তাধৰ্মী প্ৰবন্ধ,ৰস ৰচনা,কথা কবিতা , নীলা খামৰ চিঠি ,গ্ৰন্থ সমালোচনা আদি শিতানকেইটাৰ বাবে আগ্ৰহী উদীয়মান লেখক লেখিকাৰ পৰা লেখা আহ্বান কৰিছে। আগ্ৰহী লেখক লেখিকাই যদি বিচাৰে তেন্তে উল্লেখ কৰা ওপৰোক্ত শিতানকেইটাত অহা ২২/০৫/২০২২ তাৰিখৰ ভিতৰত আপোনালোকৰ লেখনি প্ৰেৰণ কৰিব পাৰিব। লেখনি প্ৰেৰণ কৰিবলৈ 6003134195 অথবা 6000042154 ৱাটছআপ নম্বৰত শুদ্ধ অসমীয়া আখৰেৰে লিখি পঠিয়াবলৈ সম্পাদনা সমিতিৰ হৈ সম্পাদক প্ৰাঞ্জল গাৰ্গে সমূহ সাহিত্যনুৰাগী ৰাইজক আহ্বান জনাইছে, লগতে সম্পাদক গৰাকীয়ে জনাইছে যে অতি কম সময়ৰ পৰিকল্পনাৰে প্ৰস্তুত কৰিবলৈ ওলোৱা এই বাৰ্তালোচনী খনত যদি কোনো লোকে বিজ্ঞাপন প্ৰকাশ কৰিব বিচাৰে তেন্তে সম্পাদকৰ মেইল pranjalgargofficial@gmail.com ত যোগাযোগ কৰিব পাৰে নতুবা উল্লেখ কৰা ৱাটচাপ নম্বৰটো যোগাযোগ কৰিব পাৰে।

Shahnawaz Hamza

Related