মৰাণত কেন্দ্ৰীয় ভাবে উদযাপন হ’ব চুকাফা দিৱস

1 min read

আহোম ৰাজত্বৰ প্ৰতিষ্ঠাতা তথা বৰ অসমৰ গঢ়োতা চাওলুং চুকাফাৰ সোঁৱৰনত বুধবাৰে ৰাজ্যজুৰি পালন কৰা হ’ব চুকাফা দিৱস । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় ভাবে উদযাপন কৰা হ’ব এই দিৱস।

এই অসম দিৱসৰ অথবা চুকাফা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদ তপন গগৈৰ লগতে বিধায়ক চক্ৰধৰ গগৈ উপস্থিত থাকিব ।

এই কেন্দ্ৰীয় চুকাফা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ঠ সাহিত্যিক য়েছে দৰজে ঠংচিক চুকাফা বঁটা প্ৰদান কৰা হ’ব । অসমবাসীয়ে ১৯৮৭ চনৰ পৰাই ২ ডিডেম্বৰৰ দিনটো অসম দিৱস অথবা চুকাফা দিৱস হিচাপে পালন কৰি আহিছে ।

 

You May Also Like

More From Author