লজ্জাত মুখ ঢাকিবলগীয়া অৱস্থা মায়ানগৰীৰ; বিগত ১০ বছৰত মুম্বাইত ধৰ্ষণৰ ঘটনাৰ সংখ্যা ১৩০ শতাংশ বৃদ্ধি

লজ্জাত মুখ ঢাকিবলগীয়া অৱস্থা মায়ানগৰীৰ; বিগত ১০ বছৰত মুম্বাইত ধৰ্ষণৰ ঘটনাৰ সংখ্যা ১৩০ শতাংশ বৃদ্ধি

বিগত ১০ বছৰত মুম্বাইত ধৰ্ষণৰ ঘটনাৰ সংখ্যা ১৩০ শতাংশ বৃদ্ধি পাইছে। ২০১৩ত দেশৰ আগশাৰীৰ বাণিজ্য নগৰী খনত ৩৯১টা ধর্ষণ সংক্রান্তীয় অভিযোগ নথিভুক্ত হৈছিল।

ইয়াৰ তুলনাত, ২০২২ত এই সংখ্যা বৃদ্ধি পাইছে ১০১ টালৈ। আনহাতে, শ্লীলতাহানিৰ সংখ্যা বৃদ্ধি পাইছে ১০৫ শতাংশ ৷ ২০১৩ ত শ্ললতাহানিৰ নথিভুক্ত সংখ্যা আছিল ১১৩৭টা; কিন্তু ২০২২ত এই সংখ্যা ২৩২৯টালৈ বৃদ্ধি পাইছে। সম্প্রতি এই লজ্জাজনক প্রতিবেদন প্রকাশ কৰিছে মুম্বাইৰ প্রজা ফাউণ্ডেছনে।

প্রকাশিত প্রতিবেদনত উল্লেখ কৰা হৈছে যে ২০২২৩ ধর্ষণ সংক্রান্তীয় যিমানবোৰ অভিযোগ নথিভুক্ত কৰা হৈছিল, তাৰ ৬৩ শতাংশই নাবালিকা সংক্রান্তীয় অভিযুক্তসকলৰ বিৰুদ্ধে পক্স’ আইনৰ অধীনত অভিযোগ পঞ্জীয়ন হৈছিল।

দুর্ভাগ্যৰ বিষয় যে নথিভুক্ত অভিযোগৰ ভিতৰত ৭৩ শতাংশৰে নিষ্পত্তি নহ’ল। সংস্থাটোৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে ২০১৮ৰ পৰা ২০২৩ৰ ভিতৰত মুম্বাইত শতকৰা হিচাপত সেয়া ২৪৩ শতাংশ।

GTM Desk