লাইলাপুৰত শ্বহীদ হোৱা জোৱানৰ পৰিয়াললৈ ৫০ লাখ টকাৰ সাহায্য ঘোষণা মুখমন্ত্ৰীৰ
কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ অন্তর্গত লাইলাপুৰ সংলগ্ন আন্তঃৰাজ্যিক সীমান্তত সোমবাৰে উদ্ভৱ হোৱা অগ্নিগর্ভ পৰিস্থিতি সন্দর্ভত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সংবাদমেল। সংবাদমেল যোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাৰ সৈতে ৬বাৰকৈ টেলিফোনযোগে বার্তালাপ কৰাৰ কথা উল্লেখ কৰে।
সংবাদমেল ড০ শৰ্মাই কয়, “কালিৰ ঘটনা অতি দুৰ্ভাগ্যজনক। অসমে শান্তি বিচাৰে, সীমা নিৰ্ধাৰণ হ’ব লাগে। স্থায়ী সমাধানৰ বাবে কেন্দ্ৰই ল’ব দায়িত্ব। নিজৰ দেশৰ মানুহৰ মৃত্যু হ’লে নিজৰ দেশতে ফূৰ্তি কৰাটো অতি দুখজনক ঘটনা। এই ঘটনাই অসমৰ মানুহক দুখিত কৰিছে,, ক্ষোভিত কৰিছে। কিন্তু এটা কথা স্পষ্ট যে অসমে যিকোনো মূল্যৰ বিনিময়ত নিজৰ ৰাজ্যৰ সীমা সুৰক্ষিত কৰিব।”
ইফালে এই ঘটনাত অসম আৰক্ষীৰ যি ৫ গৰাকী জোৱানৰ মৃত্যু হৈছে, তেওঁলোকৰ প্ৰত্যেকৰে পৰিয়াললৈ ৫০ লাখকৈ টকাৰ এককালীন আৰ্থিক সাহায্য় ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই। লগতে তেওঁলোকৰ পৰিয়ালৰ এজনক একোটাকৈ চৰকাৰী চাকৰী প্ৰদান কৰাৰ কথাও ঘোষণা মুখ্যমন্ত্ৰীৰ।
উল্লেখ্য যে লাইলাপুৰত ঘটনাত গৰিহণা দি ৩ দিনীয়া ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ। আজিৰে পৰা তিনিদিনৰ বাবে অৰ্ধনমিত হৈ থাকিব ৰাষ্ট্ৰীয় পতাকা। শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাবলৈ এই ঘোষণা ৰাজ্য চৰকাৰৰ।